অসম

assam

280 ৰানৰ লক্ষ্য ৱেষ্ট ইণ্ডিজক

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 7 উইকেটৰ বিনিময়ত 279 ৰান সংগ্ৰহ ভাৰতৰ ৷ বিৰাট কোহলিৰ 42 তম শতক ৷

By

Published : Aug 11, 2019, 11:59 PM IST

Published : Aug 11, 2019, 11:59 PM IST

280 ৰানৰ লক্ষ্য ৱেষ্ট ইণ্ডিজক ভাৰতৰ

স্পৰ্টছ ডেস্ক, 11 আগষ্টঃ ত্ৰিণিডাড কুইন্স পাৰ্ক অ'ভেলত অনুষ্ঠিত হৈছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ ৷ টছত জয়ী প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 7 উইকেট হেৰুৱাই 279 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ভাৰতে ৷ ভাৰতৰ হৈ বিৰাট কোহলিয়ে অৰ্জন কৰে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ 42 তম শতক ৷ এই মেচখনতেই বহু নতুন কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে বিৰাট কোহলিয়ে ৷ 19 ৰান সংগ্ৰহেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰা জাৱেদ মিয়াদাদৰ অভিলেখ ভংগ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈৰ অভিলেখ ৰচে বিৰাট কোহলিয়ে ৷ সৌৰভ গাংগুলীৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব লাভ কৰে বিৰাটে ৷

বিৰাটৰ 42 তম শতক

ইপিনে মেচখনত শিখৰ ধাৱনে 2, ৰোহিত শৰ্মাই 18, ঋষভ পন্তে 20, শ্ৰেয়াছ আয়াৰে 71, কেদাৰ যাদৱে 16, ভূৱনেশ্বৰ কুমাৰে 1, ৰবিন্দ্ৰ জাডেজাই অপৰাজিত 16, মহম্মদ শ্বামীয়ে অপৰাজিত 3 ৰানৰ বৰঙণি আগবঢ়ায় ৷ এতিয়া ৱেষ্ট ইণ্ডিজক নিৰ্ধাৰিত 50 অভাৰত জয়ৰ বাবে প্ৰয়োজন 280 ৰানৰ ৷ ৱেষ্ট ইণ্ডিজৰ হৈ ক্ৰীছ গেইলৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট এইটো হৈছে 300 সংখ্যক এদিনীয়া মেচ ৷ ৱেষ্ট ইণ্ডিজ দলৰ হৈ 300 খন এদিনীয়া মেচত অংশগ্ৰহণ কৰা প্ৰথমজন খেলুৱৈ হৈছে ক্ৰীছ গেইল ৷ ভাৰতে তিনিখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া শৃংখলাত মুখামুখি হ’ব ৱেষ্ট ইণ্ডিজৰ ৷ প্ৰথমখন এদিনীয়া বৰষুণৰ বাবে বাতিল কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details