অসম

assam

ETV Bharat / sports

সফলতাৰে সম্পন্ন হ’ল হাৰ্দিক পাণ্ডিয়াৰ অস্ত্ৰোপ্ৰচাৰ

ইনষ্টাগ্ৰাম যোগেদি নিজৰ অস্ত্ৰোপ্ৰচাৰ সফল বাবে সম্পন্ন হোৱাৰ কথা সদৰি কৰিলে স্বয়ং হাৰ্দিক পাণ্ডিয়াই ৷ বিগত কিছু দিন ধৰি পিঠিৰ আঘাতত জৰ্জৰিত হৈ আছিল পাণ্ডিয়া ৷

By

Published : Oct 5, 2019, 4:35 PM IST

সফল বাবে সম্পন্ন হ’ল হাৰ্দিক পাণ্ডিয়াৰ অস্ত্ৰোপ্ৰচাৰ

স্পৰ্টছ ডেস্ক, 5 অক্টোবৰঃ বিগত কিছু দিন ধৰি পিঠিৰ আঘাতত জৰ্জৰিত হৈ থকা হাৰ্দিক পাণ্ডিয়াৰ অৱশেষত সফল বাবে সম্পন্ন কৰা হ’ল অস্ত্ৰোপ্ৰচাৰ ৷ ইনষ্টাগ্ৰামত শনিবাৰে এক ফটো শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ৷ পাণ্ডিয়াই ফটোখন শ্বেয়াৰ কৰি কেপচনত উল্লেখ কৰে যে, "অস্ত্ৰোপ্ৰচাৰ সফল হ’ল, সকলোকে ধন্যবাদ ৷ অতি সোনকালৈ ক্ৰিকেটৰ খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰিম ৷ তেতিয়া লৈকে মোক মনত পেলাই থাকিব ৷"

হাৰ্দিক পাণ্ডিয়াৰ অস্ত্ৰোপ্ৰচাৰ

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টি-20 শৃংখলাৰ মাজতেই আঘাতৰ সন্মুখীন হৈছিল অলৰাউণ্ডাৰ খেলুৱৈগৰাকী ৷ আঘাতৰ বাবেই বাংলাদেশ শৃংখলাৰ পৰা বাহিৰ আছিল পাণ্ডিয়া ৷

ABOUT THE AUTHOR

...view details