অসম

assam

ETV Bharat / sports

বিশ্বকাপৰ পূৰ্বে নিষ্পত্তি হওক পাণ্ডিয়া-ৰাহুলৰ বিবাদ : বিচিচিআই

বলিউডৰ ছবি নিৰ্মাতা কৰণ জোহৰৰ বহু চৰ্চিত কফি উইথ কৰণ নামৰ এক টেলিভিচন অনুষ্ঠানত কে.এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াই মহিলাৰ ওপৰত কৰা বিবাদমূলক মন্তব্যৰ ঘটনা সন্দৰ্ভত শীঘ্ৰে নিষ্পত্তি বিচাৰে বিচিচিআইয়ে ৷

বিশ্বকাপৰ পূৰ্বে নিষ্পত্তি হওক পাণ্ডিয়া-ৰাহুলৰ বিবাদ : বিচিচিআই

By

Published : Apr 2, 2019, 9:52 PM IST

স্পৰ্টছ ডেস্ক, 2 এপ্ৰিলঃ ইংলেণ্ডত30 মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ পূৰ্বেকে.এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াৰ মহিলা সন্দৰ্ভত কৰা বিবাদমূলক মন্তব্য়ৰ ঘটনাটোৰ নিষ্পত্তি বিচাৰিছে বিচিচিআইয়ে ৷ভাৰতীয় ক্ৰিকেট জগতৰ দুয়ো খেলুৱৈয়েবলিউডৰ ছবি নিৰ্মাতা কৰণ জোহৰৰ কফি উইথ কৰণ নামৰ এক টেলিভিচন অনুষ্ঠানত মহিলা সন্দৰ্ভত বিবাদমূলক মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ ইয়াৰ পাচতেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ লোকপাল ডী কে জেইনে দুয়ো খেলুৱৈক এক জাননী প্ৰেৰণ কৰিছিল ৷

বিশ্বকাপৰ পূৰ্বে নিষ্পত্তি হওক পাণ্ডিয়া-ৰাহুলৰ বিবাদ : বিচিচিআই

এতিয়া এই সমগ্ৰ ঘটনাটোৰ বিশ্বকাপৰ পূৰ্বে নিষ্পত্তি হোৱাটো বিচাৰিছে বিচিচিআইয়ে ৷ অৱশ্যে এই বিবাদৰ পিচতেই দুয়ো খেলুৱৈয়ে ক্ষমা খুজিছিল ৷

পাণ্ডিয়া-ৰাহুলৰ বিবাদ
দুয়ো খেলুৱৈৰ ওপৰত অস্থায়ী নিষেধাজ্ঞা জাৰি কৰা হৈছিল যদিও পিচত এই নিষেধাজ্ঞা প্ৰত্য়াহাৰ কৰা হৈছিল ৷ এতিয়া আশা কৰা হৈছে চলিত সপ্তাহতে এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লোকপালডী কে জেইনে ৷

ABOUT THE AUTHOR

...view details