অসম

assam

By

Published : Jan 17, 2020, 4:15 AM IST

Updated : Jan 17, 2020, 12:12 PM IST

ETV Bharat / sports

এছিয়া কাপ 2020 : পাকিস্তানত খেলিবলৈ অমান্তি ভাৰত

এছিয়া কাপ, 2020 পাকিস্তানৰ মাটিত খেলিবলৈ অমান্তি হয় ভাৰতীয় ক্ৰিকেট বৰ্ড ৷ ইয়াৰ ফলত এছিয়া কাপৰ স্থান সংযুক্ত আৰৱ গণৰাজ্যলৈ স্থানান্তৰিত কৰা হৈছে ৷

এছিয়া কাপ 2020
বিচিচিআই

স্পৰ্টছ ডেস্ক, 17 জানুৱাৰী : পাকিস্তানৰ ভূমিত এছিয়া কাপ, 2020 অনুষ্ঠিত কৰাক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে বিচিচিআইয়ে ৷ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পাকিস্তান ক্ৰিকেট বৰ্ডৰ প্ৰস্তাৱত বিচিচিআইয়ে অসন্মতি প্ৰদান কৰিছে ৷

ভাৰতীয় ক্ৰিকেট দল

উল্লেখ্য যে, 2020 চনত অনুষ্ঠিত হ'বলগা টি-20 বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি এছিয়া কাপ টি-20 ফৰমেটত অনুষ্ঠিত কৰা হ'ব ৷ ইয়াৰ জৰিয়তে বিশ্বকাপ টি-20 ৰ বাবে প্ৰতিটো দলে প্ৰয়োজনীয় অনুশীলন কৰিব পাৰিব ৷ বিচিচিআইয়ে অসন্মতি জনোৱাৰ ফলত এছিয়াৰ কাপৰ স্থান সংযুক্ত আৰৱ গণৰাজ্যলৈ স্থানান্তৰিত কৰা হ'ব ৷

বিৰাট কোহলী

এদিনীয়া বিশ্বকাপৰ পাচতে শ্ৰীলংকা দলে এখন সীমিত অ'ভাৰৰ শৃংখলাত অংশগ্ৰহণৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল ৷ ইয়াৰ ফলত যোৱা দুবছৰৰ ভিতৰত পাকিস্তানৰ ভূমিত ক্ৰিকেটত অংশগ্ৰহণ কৰা শ্ৰীলংকা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছিল ৷

ভাৰতীয় ক্ৰিকেট দল

এই সম্পৰ্কত বাংলাদেশ ক্ৰিকেট বৰ্ডৰ মুখ্য কাৰ্যবাহী অধ্যক্ষ নিজামুদ্দিন চৌধুৰীয়ে কয়, "পাকিস্তান এছিয়া কাপৰ আয়োজক আছিল যদিও ভাৰতে পাকিস্তান ভ্ৰমণ নকৰে বাবে পাকিস্তানে আয়োজকৰ দায়িত্ব লাভ নকৰে ৷"

উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানে 2007 চনৰ পৰা দ্বিপাক্ষিক টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰা নাই ৷

আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) মুখ্য কাৰ্যবাহী মনু চৌহনীয়ে অহা সপ্তাহত পাকিস্তান ভ্ৰমণ কৰিব আৰু এখন আলোচনাত অংশগ্ৰহণ কৰিব ৷ 2023 চনৰ পৰা 2031 চনলৈ পাকিস্তানৰ মাটিত আইচিচি ইভেন্ট আয়োজন কৰিব পাৰিব নে নাই সেই সম্পৰ্কত আলোচনা কৰিব চৌহনীয়ে ৷

আৰু পঢ়ক : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সমতা স্থাপনৰ লক্ষ্যৰে নামিব ভাৰত

Last Updated : Jan 17, 2020, 12:12 PM IST

ABOUT THE AUTHOR

...view details