অসম

assam

পাকিস্তানী ক্ৰিকেটাৰৰ ওপৰত খৰ্গহস্ত হ'ল আকাশ চোপ্ৰা

2019 বিশ্বকাপৰ ৰাউণ্ড ৰবিন ষ্টেজ মেচত ইংলেণ্ডৰ 338 ৰাণৰ লক্ষ্যৰ বিপৰীতে ভাৰতে বেটিং কৰি 31 ৰাণত পৰাস্ত হৈছিল ৷ নিউজিলেণ্ড দলৰ বিৰুদ্ধে ছেমিফাইনেলত পৰাস্ত হোৱাৰ পূৰ্বে ভাৰতে গ্ৰুপ মেচত একমাত্ৰ ইংলেণ্ডৰ বিৰুদ্ধেই পৰাস্ত হৈছিল ৷

By

Published : Jun 7, 2020, 1:59 PM IST

Published : Jun 7, 2020, 1:59 PM IST

2019 বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হৈছিল ভাৰত
পাকিস্তানৰ ক্ৰিকেটাৰৰ ওপৰত খৰ্গহস্ত হ'ল আকাশ চোপ্ৰা

স্পৰ্টছ ডেস্ক, 7 জুন : পাকিস্তানৰ ক্ৰিকেটাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰিলে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আকাশ চোপ্ৰা ৷ বিশ্বকাপ, 2019 ত ইংলেণ্ডৰ হাতত ইচ্ছাকৃতভাৱে ভাৰতে পৰাস্ত হোৱা বুলি পাকিস্তানী ক্ৰিকেটাৰে কৰা মন্তব্যৰ পাচতে এনেদৰে নিজৰ ক্ষোভ প্ৰকাশ কৰে আকাশ চোপ্ৰাই ৷

2019 বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হৈছিল ভাৰত

ইংলেণ্ডৰ অল ৰাউণ্ডাৰ বেন ষ্টোকছৰ গ্ৰন্থ 'On Fire' ত ভাৰতীয় দলৰ প্ৰদৰ্শন সম্পৰ্কত মন্তব্য কৰাৰ পাচতে বিষয়টোয়ে পুনৰ বিতৰ্কৰ সৃষ্টি কৰে ৷ নিজৰ গ্ৰন্থত বেন ষ্টোকছে ভাৰতে গ্ৰুপ মেচত দেখুওৱা প্ৰদৰ্শনক লৈ আশ্বৰ্য প্ৰকাশ কৰে যদিও ভাৰতে ইচ্ছাকৃতভাৱে পৰাস্ত হোৱা বুলি তেওঁ গ্ৰন্থখনত উল্লেখ কৰা নাছিল ৷

ষ্টোকছৰ মন্তব্যৰ পাচতে পাকিস্তানৰ খেলুৱৈসকলে পুনৰ কয় যে, ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে ইচ্ছাকৃতভৱে পৰাজয় স্বীকাৰ কৰিছে ৷

এই সম্পৰ্কত ইউ টিউব চেনেলৰ জৰিয়তে চোপ্ৰাই কয়, "এই বিষয়ত ভাবি চাওঁক আৰু লজ্জা অনুভৱ কৰক ৷ ICC ৰ ব্ৰেণ্ড এম্বেছাডৰ হোৱাৰ পাচতো ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাচত ৱাকাৰ ইউনিছে এনে মন্তব্য কৰিছিল ৷"

তেওঁ লগতে কয়, "মই এয়া বুজি পাইছো যে, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ মাজৰ পাৰ্টনাৰশ্বিপটো বেন ষ্টোকছে বুজি নাপালে অথবা ধোনীৰ খেলাৰ গতিত তেওঁ বিভ্ৰান্ত হৈ পৰিল ৷ কিন্তু ষ্টোকছে এই মন্তব্য কৰা নাই যে, ভাৰতে ইচ্ছাকৃতভাৱে পৰাজয় স্বীকাৰ কৰিছে ৷ প্ৰাক্তন পাকিস্তান ক্ৰিকেটাৰ সকলে মন্তব্য কৰিছে যে ভাৰতে ইচ্ছাকৃতভাৱে হাৰিছে আৰু ICC য়ে তেওঁলোকক জৰিমনা বিহিব লাগে ৷ কেনেকৈ আপোনালোকে এনেদৰে ভাবিব পাৰে ৷ সেই সময়ত গ্ৰুপৰ শীৰ্ষ স্থানত অৱস্থান কৰাটোৱে ভাৰতৰ একমাত্ৰ লক্ষ্য আছিল ৷"

উল্লেখ্য যে, 2019 বিশ্বকাপৰ ৰাউণ্ড ৰবিন ষ্টেজ মেচত ইংলেণ্ডৰ 338 ৰাণৰ লক্ষ্যৰ বিপৰীতে ভাৰতে বেটিং কৰি 31 ৰাণত পৰাস্ত হৈছিল ৷ নিউজিলেণ্ড দলৰ বিৰুদ্ধে ছেমিফাইনেলত পৰাস্ত হোৱাৰ পূৰ্বে ভাৰতে গ্ৰুপ মেচত একমাত্ৰ ইংলেণ্ডৰ বিৰুদ্ধেই পৰাস্ত হৈছিল ৷

ভাৰতৰ লক্ষ্য অতিক্ৰম কৰাৰ ধৰণক বিভিন্নজনে সমালোচনা কৰিছিল ৷ বিশেষকৈ এই সমালোচনাৰ বলি হৈছিল প্ৰাক্তন ভাৰতৰ ক্ৰিকেটাৰ এম. এছ. ধোনী ৷ 'On Fire' নামৰ গ্ৰন্থত ধোনীৰ খেলাৰ ধৰণ সম্পৰ্কত ষ্টোকছে উল্লেখ কৰাৰ লগে লগে পাকিস্তানৰ বিভিন্নজনে ভাৰতক ইচ্ছাকৃতভাৱে পৰাস্ত হোৱা বুলি মন্তব্য কৰে ৷

অৱশ্যে ষ্টোকছে এই কথাও স্পষ্ট কৰি দিছে যে তেওঁ গ্ৰন্থত এই কথা উল্লেখ কৰা নাই যে, ভাৰতে ইচ্ছাকৃতভাৱে পৰাস্ত হৈছে আৰু কিছু লোকে তেওঁৰ ভাষ্যক বিপথে পৰিচালিত কৰিব বিচাৰিছে ৷

ABOUT THE AUTHOR

...view details