স্পৰ্টছ ডেস্ক, 9 অক্টোবৰ : বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপছ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ পাছতে ট'কিঅ' অলিম্পিকলৈ নিজৰ প্ৰস্তুতি সম্পৰ্কত মন্তব্য কৰিছে ভাৰতৰ তাৰকা শ্বাটলাৰ পি. ভি. সিন্ধুয়ে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সিন্ধুয়ে কয়, "ট'কিঅ' অলিম্পিক, 2022 ত পদক জয় কৰাই মোৰ প্ৰধান লক্ষ্য আৰু ইয়াৰ বাবে মই কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব বিচাৰো ৷"
লগতে তেওঁ কয়, "চূডা়ন্ত লক্ষ্যটো হৈছে স্বৰ্ণ জয় কৰা, কিন্তু এয়া সহজ নহয় আৰু ইয়াৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন ৷"