অসম

assam

ETV Bharat / sitara

মুকলি হ'ল মিউজিক আচাম এনড্ৰইড এপ

গুৱাহাটী প্ৰেছ ক্লাবত মুকলি মিউজিক আচাম এনড্ৰইড এপ

By

Published : Mar 9, 2019, 11:40 PM IST

মুকলি হ'ল মিউজিক আচাম এনড্ৰইড এপ

গুৱাহাটী,9মাৰ্চ: শণিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুকলি হয় ''মিউজিক আচাম এনড্ৰইড এপ'' । গুৱাহাটী প্ৰেছ ক্লাবত ''মিউজিক আচামে'' সংবাদমেল পাতি মুকলি কৰে এই অসমীয়া গীতৰ এপ'চটো । য'ত উপস্থিত থাকে অভিনেতা নয়ন নিলিম,কন্ঠশিল্পী দিগন্ত ভাৰতী । সংগীত প্ৰেমী সকলে অতি সহজে নিজৰ মন পছন্দৰ গীত সমূহ ডাউনলোড কৰিব পৰাকৈ খোলা হৈছে এই মিউজিক আচাম এনড্ৰইড নামৰ এপ'চটো । সংবাদমেলত মিউজিক আচামে কয় -এই এপ'চটো খোলাৰ প্ৰধান উদ্দেশ্য হল অসমীয়া থলুৱা গীত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ গীতসমূহক একেলগ কৰি সমগ্ৰ বিশ্বতে বিয়পাই তোলাৰ আৰু এই এপ'চৰ জৰিয়তে শিল্পীসকলে এটা নতুন মাধ্যম পাব যাৰ ফলত সংগীত শিল্পী তথা সংগীত প্ৰযোজকসকলে আৰ্থিক ভাৱে লাভালাভৰ মুখ দেখিবলৈ পাব বুলিও উল্লেখ কৰে ।

মুকলি হ'ল মিউজিক আচাম এনড্ৰইড এপ

ABOUT THE AUTHOR

...view details