চিটাৰা ডেস্ক,7 নৱেম্বৰ : হলিউড অভিনেতা টম হলেণ্ডে ‘স্পাইডাৰ-মেন 3’ৰ প্ৰথমটো লুক মুকলি কৰে ৷ শুকুৰবাৰে 24 বৰ্ষীয় ব্ৰিটিছ অভিনেতা গৰাকীয়ে ইনষ্টাগ্ৰামযোগে তেওঁৰ স্পাইডাৰ-মেন লুকত এক ব্যতিক্ৰমী ধৰণে ফটো শ্বেয়াৰ কৰে ৷ ফটোখনত স্পাইডাৰ-মেনক মাস্ক পৰিধান কৰা পৰিলক্ষিত হৈছে ৷
কেপচনত তেওঁ লিখিছে, ‘‘Wear a mask, I'm wearing two...,’’ ৷ তেওঁ সকলো অনুৰাগীকে কৰ’ণা মহামাৰীৰ সাৱধানতা অৱলম্বন কৰি পিপিই কিট আৰু মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে ৷