অসম

assam

মাধুৰী আৰু মুন্নাভাইৰ কলংক

By

Published : Mar 17, 2019, 12:35 AM IST

'কলংক'ৰ আন দুখন পোষ্টাৰ মুকলি ৷ মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্তৰ লগতে কলংক'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে , বৰুণ ধাৱান, সোণাক্ষী সিনহা, আলিয়া ভাট, আৰু আদিত্য ৰায় কাপুৰে ৷

'কলংক'ৰ আন দুখন পোষ্টাৰ মুকলি

নিউজ ডেস্ক, 16 মাৰ্চ : মুকলি হ'ল অভিষেক বৰ্মনৰ পৰিচালনাত নিৰ্মিত ছবি 'কলংক'ৰ আন দুখন পোষ্টাৰ ৷ পোষ্টাৰ দুখনত বাহাৰ বেগম নামৰ এক চৰিত্ৰত মাধুৰী দিক্ষীতকদেখা পোৱাৰ বিপৰিতে বলৰাজ চৌধুৰী নামৰ এক চৰিত্ৰত দেখা গ'ল সঞ্জয় দত্তক ৷ চলিত বৰ্ষৰ 17 এপ্ৰিলত ছবিগৃহলৈ আহিব ছবিখন ৷

অভিষেক বৰ্মনে ছবিখনৰ পৰিচালনা কৰাৰ বিপৰিতে প্ৰযোজনা কৰিছে কৰণ জোহৰ, ছাজিদ নাডিয়াৱালা, হিৰু য়ছ জোহৰ আৰু অপূৰ্ব মেহেতাই । মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্তৰ লগতেকলংক'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে , বৰুণ ধাৱান, সোণাক্ষী সিনহা, আলিয়া ভাট, আৰু আদিত্য ৰায় কাপুৰে ৷ ছবি সমালোচক তথা বাণিজ্যিক বিশ্লেষক তৰণ আদৰ্শে টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য৷ উল্লেখ্য যে, চল্লিশৰ দশকৰ প্ৰেক্ষাপটক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন। ছবিখনত আলিয়া ভাটক ৰূপৰ চৰিত্ৰৰ লগতে বৰুণ ধাৱনক দেখা যাব জাফাৰৰ ৰূপত । একেদৰে, দেৱ চোধুৰীৰ চৰিত্ৰত অভিনয় কৰিব আদিত্য ৰায় কাপুৰে । সমান্তৰালভাৱে, ডাবাং গাৰ্ল নামে পৰিচিত সোণাক্ষী সিনহাক সত্য চৌধুৰীৰ ৰূপত দেখা যাব ।

ABOUT THE AUTHOR

...view details