অসম

assam

শক্তি বিভাগৰ ওপৰত কিয় খং তাপসী পান্নুৰ ?

অভিনেত্ৰী তাপসী পান্নুৱে নিজৰ খং প্ৰকাশ কৰিছে টুইটাৰ যোগে ৷ তাপসী পান্নুৰ ক্ষোভ শক্তি বিভাগৰ ওপৰত ৷ কাৰণ জুন মাহত তাপসী পান্নুৰ বিদ্যুতৰ বিল আহিল 36 হাজাৰ টকা ৷ তেওঁৰ মতে, এয়া সাধাৰণ পৰিমাণতকৈ 10 গুণ বেছি ৷

By

Published : Jun 28, 2020, 9:24 PM IST

Published : Jun 28, 2020, 9:24 PM IST

Updated : Jun 28, 2020, 9:37 PM IST

Taapsee pannu shares her electricity bill  copy on twitter
তাপসী পান্নু

চিটাৰা ডেস্ক,28 জুনঃবলীউড অভিনেত্ৰী তাপসী পান্নুয়ে সদায়েই বিভিন্ন বিষয়ৰ ওপৰত নিজৰ মতামত প্ৰদান কৰে ৷ কিন্তু এইবাৰ তেওঁ ছ'চিয়েল মিডিয়া যোগে খং ব্যক্ত কৰিছে তেওঁলৈ অহা যথেষ্ট বেছি পৰিমাণৰ বিদ্যুৎৰ বিলৰ বাবে ৷ কাৰণ জুন মাহত তাপসী পান্নুৰ বিদ্যুতৰ বিল আহিল 36 হাজাৰ টকা ৷ তেওঁৰ মতে, এয়া সাধাৰণ পৰিমাণতকৈ 10 গুণ বেছি ৷

তাপসী পান্নুৱে টুইটাৰ একাইন্ট যোগে শ্বেয়াৰ কৰিছে নিজৰ বিদ্যুতৰ বিল খন ৷ তাপসীয়ে টুইটাৰ যোগে লিখিছে, "লকডাউনৰ তিনিটা মাহ সম্পূৰ্ণ হ'ল আৰু মই ভাৱি আছো যে মোৰ এপাৰ্টমেন্টত মই বিগত মাহত এনেকুৱা কোনটো সামগ্ৰী ব্যৱহাৰ আৰম্ভ কৰিলো যে মোৰ ইমান বিল বৃদ্ধি পালে ৷"

অভিনেত্ৰীগৰাকীয়ে আডানী ইলেক্ট্ৰিচিটী মুম্বাইক টেগ কৰি সোধে যে, "আপুনি আমাক কি ধৰণৰ বিদ্যুৎ চাৰ্জ কৰে ?"

লগতে অভিনেত্ৰীগৰাকীয়ে ক্ষোভতে লিখে, আৰু এইটো এপাৰ্টমেন্ট য'ত কোনো নাথাকে আৰু তাত মাত্ৰ সপ্তাহত এক দুইবাৰৰ বাবে চাফা কৰিবৰ বাবেহে মানুহ যায় ৷ এতিয়া মোৰ এনেকুৱা অনুভৱ হৈছে যে আমি নজনাকৈ, আমাৰ অজ্ঞাতে তাত কোনোবা থকা নাইতো আৰু আপুনি আমাক এই কথা বাহিৰলৈ অনাত সহায় কৰি আছে ৷"

তাপসীয়ে দিয়া এই টুইটৰ পিছতে সমগ্ৰ বিষয়টোৱে অনুৰাগী আৰু তাৰকা সকলৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়কঃঅভিষেক বচ্চনে কিয় নকৰে অন্তৰংগ মূহুৰ্ত থকা চিনেমা ?

Last Updated : Jun 28, 2020, 9:37 PM IST

ABOUT THE AUTHOR

...view details