অসম

assam

By

Published : Mar 30, 2021, 2:54 PM IST

ETV Bharat / sitara

স্বদেশৰ গীত শুনি নষ্টালজিক শ্বাহৰুখ খান

আমেৰিকাৰ নৌ বাহিনীৰ বেণ্ডৰ সদস্যসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌ অভিযান প্ৰধান (চিএনঅ) মাইকেল এম গিলডে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধুৰ বাবে অনুষ্ঠিত এক নৈশভোজৰ অনুষ্ঠানত 'য়ে জো দেশ হ্যে তেৰা' শীৰ্ষক গীতটি পৰিৱেশন কৰিছিল । ৰাষ্ট্ৰদূত তৰঞ্জিৎ সিং সান্ধুৰ টুইটৰ পিছতে নষ্টালজিক হৈ পৰে বলীউডৰ অভিনেতা শ্বাহৰুখ খান ।

আমেৰিকা নৌসেনাই 'স্বদেশ'ৰ গীত পৰিৱেশন কৰাকলৈ প্ৰতিক্ৰিয়া শ্বাহৰুখৰ
আমেৰিকা নৌসেনাই 'স্বদেশ'ৰ গীত পৰিৱেশন কৰাকলৈ প্ৰতিক্ৰিয়া শ্বাহৰুখৰ

চিটাৰা ডেস্ক,৩০ মাৰ্চ:শেহতীয়াকৈ আমেৰিকাৰ নৌ সেনাৰ বেণ্ডে ভাৰতৰ এটি দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰিছে । নৌ বাহিনীৰ বেণ্ডৰ সদস্যসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌ অভিযান প্ৰধান (চিএনঅ) মাইকেল এম গিলডে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধুৰ বাবে অনুষ্ঠিত এক নৈশভোজৰ অনুষ্ঠানত 'য়ে জো দেশ হ্যে তেৰা' শীৰ্ষক গীতটি পৰিৱেশন কৰিছিল ।

স্বদেশৰ গীত শুনি নষ্টালজিক শ্বাহৰুখ খান

গীতটি পৰিৱেশন কৰাৰ লগে লগে আমেৰিকাৰ ভাৰতীয় ৰাষ্ট্ৰদূতে টুইটাৰত বিশেষভাৱে আদৰণি জনাইছে আমেৰিকা নৌসেনা বাহিনীক । ৰাষ্ট্ৰদূত তৰঞ্জিৎ সিং সান্ধুৰ টুইটৰ পিছতে নষ্টালজিক হৈ পৰে বলীউডৰ অভিনেতা শ্বাহৰুখ খান । টুইটাৰৰ প্ৰতিক্ৰিয়া কৰি অভিনেতা গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ৰাষ্ট্ৰদূত গৰাকীক ।

অভিনেতা গৰাকীয়ে অভিনয় কৰা 'স্বদেশ' ছবিখনৰ গীতটো আমেৰিকা নৌ বাহিনীয়ে পৰিৱেশন কৰি পুনৰবাৰ শ্বাহৰুখ খানক নষ্টালজিক কৰি তোলে বুলিও প্ৰকাশ কৰে । ইফালে ছবিখনৰ পৰিচালক আশুতোষ গোৱাৰিকৰ, সংগীত পৰিচালক এ আৰ ৰহমান আৰু ছবিখনৰ সৈতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে অভিনেতাগৰাকীয়ে ।

উল্লেখ্য যে 'স্বদেশ' আছিল নাছাৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত আৰু ফ্ল'ৰিডাৰ নাছা গৱেষণা কেন্দ্ৰৰ ভিতৰত দৃশ্যগ্ৰহণ কৰা প্ৰথম ভাৰতীয় ছবি । ছবিখনৰ এটা অংশ মহাৰাষ্ট্ৰৰ মেনাৱলীত দৃশ্যগ্ৰহণ কৰা হৈছিল ।

লগতে পঢ়ক:লছ এঞ্জেলছত জাহ্নৱীৰ সৈতে আমনিদায়ক সময় কটাইছে খুচীয়ে

ABOUT THE AUTHOR

...view details