অসম

assam

অসমৰ বানাক্ৰান্তলৈ সাহাৰ্য প্ৰিয়ংকা আৰু নিক্ জোনাছৰ

By

Published : Jul 27, 2020, 1:19 PM IST

অসমৰ বানলৈ সাহাৰ্য প্ৰদান প্ৰিয়ংকা চোপ্ৰা আৰু নিক্ জোনাছৰ ৷ ইয়াৰ লগতে, টুইটযোগে ‘Action Aid’ আৰু ‘Rapid Response’ৰ নামৰ বান পুঁজি সংস্থা দুটাৰ নাম উল্লেখ কৰি এই সংস্থাযোগে সকলোকে সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনায় প্ৰিয়ংকাই ৷

Priyanka Chopra and Nick Jonas contribute to Assam flood relief
অসমৰ বানত সাহাৰ্য প্ৰদান প্ৰিয়ংকা চোপ্ৰা আৰু নিক্ জোনাছৰ

চিটাৰা ডেস্ক, 27 জুলাই : অসমৰ বানত সাহাৰ্য প্ৰদান কৰিবলৈ টুইটযোগে সকলোকে আহ্বান জনোৱাৰ পাচতে অসমৰ বানত সাহাৰ্য আগবঢ়াইছে অভিনেত্ৰী তথা অসম পৰ্যটনৰ পূৰ্বৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ স্বামী আমেৰিকাক পপ্ গায়ক নিক্ জোনাছে ৷

টুইটযোগে অভিনেত্ৰী প্ৰিয়ংকাই বান পুঁজি সংস্থাৰ নাম উল্লেখ কৰি সকলোকে এই সংস্থাযোগে সাহাৰ্য প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ প্ৰিয়ংকাই সদৰি কৰে যে, ‘‘যদিও আমি কৰ’ণা মহামাৰীৰ সৈতে যুঁজি আছো, ভাৰতৰ এক ৰাজ্য অসমে অন্য সংকটৰ সৈতেও মোকাবিলা কৰি আছে ৷ নেৰা-নেপেৰা বৰষুণৰ ফলত হোৱা বানত অসমৰ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷ তীব্ৰ গতিত বৃদ্ধি পোৱা নদীৰ জলস্তৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্লাৱিত কৰিছে’’ ৷

আনহাতে, অসমৰ দুটা বান সাহাৰ্য পুঁজি সংস্থা ‘Action Aid’ আৰু ‘Rapid Response’ৰ নাম আৰু লিংক শ্বেয়াৰ কৰি সকলোকে এই সংস্থাযোগে সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনায় যুটিটোৱে ৷

উল্লেখ্য যে, ASDMAয়ে সদৰি কৰা মতে, সম্প্ৰতি বানত প্ৰায় 25 লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এই পৰ্যন্ত 102 গৰাকী লোকৰ মৃত্যু হয় ৷ আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 129 টা জীৱ-জন্তুৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ ৰাজ্যৰ 2,543 খন গাঁও আৰু 1.22 লাখ হেক্টৰ মাটি বানত ডুব গৈছে ৷

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু বন বিষয়াৰ

ABOUT THE AUTHOR

...view details