নিউজ ডেস্ক, 5 আগষ্ট: এক ৰহস্যজনকভাৱে হঠাতে ঘটা অভিনেতা সুশান্ত সিং ৰাজপুতৰ দুখজনক বিয়োগে বলীউডৰ ভিতৰচৰাত ঘটি থকা বিভিন্ন গৰ্হিত কৰ্ম-কাণ্ডবোৰৰ বিৰুদ্ধে, বিশেষকৈ ‘বহিৰাগত’সকলক আদৰণি জনোৱাৰ পৰিৱৰ্তে দেখুওৱা শত্ৰুতা, তেওঁলোকক কৰা নিৰোৎসাহ আৰু ছবি জগতৰ ভিতৰ চৰাত থকা ‘ইনচেষ্টাছ’ সম্পৰ্কবোৰৰ বিষয়ে প্ৰৱল বিবাদৰ সূচনা আৰম্ভ হৈছে ৷
মুম্বাই আৰক্ষীয়ে মৃত্যুৰ কাৰণ বিচাৰি অনুসন্ধান অব্যাহত ৰখাৰ সময়তে ছবি জগতত সুশান্তৰ আন এগৰাকী ‘বহিৰাগত’ সহকৰ্মী অভিনেত্ৰী কংগনা ৰানাৱটে মুম্বাইত বিদ্যমান আৰু ‘নেপোটিজম’ তথা বংশবাদক উৎসাহ যোগোৱা ‘মুভি মাফিয়া’ নামৰ এক গোটৰ কথা উল্লেখ কৰি আলোড়নৰ সৃষ্টি কৰিছে ৷
উল্লেখ্য যে, কংগনায়ো ছবি জগতত নিজৰ স্থান দখল কৰিবলৈ যথেষ্ট সংঘৰ্ষ কৰিবলগীয়া হৈছিল ৷ অলপতে তেওঁ ব্যক্তিগত সংবাদ মাধ্যম দিয়া বিস্তৃত সাক্ষাৎকাৰটোৱে যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে আৰু বংশবাদৰ বিষয়টোক পুনৰ চৰ্চালৈ লৈ আনিছে৷ সুশান্তৰ কৰুণ আত্মহত্যাৰ পৰিণতিৰ বাহিৰেও ‘বলীউড মাফিয়া’ৰ বিৰুদ্ধে থকা অভিযোগবোৰৰ ভিতৰত এটা অভিযোগ হৈছে, এই গোটে প্ৰতিভাশালী ‘বহিৰাগত’সকলক ব্যৱসায়টোৰ পৰা বাহিৰ কৰি দিয়ে ৷ কিন্তু ইয়াৰ বিপৰীতে তেওঁলোকে আকৌ মধ্যমীয়া প্ৰতিভাৰ ‘নেপ’-কিড’ (চলচ্চিত্ৰ জগতৰ তাৰকাসলকৰ সন্তান, আত্মীয়)ক সুযোগ দিয়ে ৷ ইয়াৰ অৰ্থ এইটো নহয় যে এই তাৰকাসকলৰ সন্তান প্ৰতিভাশালী নহয়৷ বৰঞ্চ তেওঁলোকৰ একাংশই অভিনয় জগতখনত অতি উৎকৃষ্টতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু ইয়াৰ কোনো দ্বি-মত নাই যে তেওঁলোক এক সুৰক্ষিত আবেষ্টনিৰ মাজত নিৰাপদ হৈ আছে ৷
অতি আকৰ্ষণীয় বিষয়টো হৈছে, মুম্বাইৰ চলচ্চিত্ৰ জগতত যিটো কথা ষোল্ল আনাই প্ৰযোজ্য সেই একেই কথা ‘লাটয়েঞ্জৰ দিল্লী’ নতুবা দেশৰ যিকোনো এখন ঠাইৰে ৰাজনৈতিৰ জগতৰ সৈতে প্ৰযোজ্য ৷ বংশবাদ ইমান সুক্ষ্ম আৰু সুচতুৰভাৱে সমাজত শিপাই আছে যে ই এতিয়া আমাৰ জীৱন নিৰ্বাহৰ কেন্দ্ৰ বিন্দুত প্ৰতিষ্ঠা লাভ কৰিছে ৷ যি নহওক, কথাটো উপলব্ধি কৰিবলৈ কিছু সময় লাগিল, কিন্তু কোনো নহয় কোনোৱে ‘গণতন্ত্ৰৰ ধৰ্ম’ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি কৰা এই প্ৰৱণাটোক চিনাক্ত কৰিব লাগিব আৰু সমাজৰ পৰা দলিয়াই পেলাব লাগিব ৷ কিয়নো গণতন্ত্ৰত যাতে সকলোৱে সমানে ভাগ ল’ব পাৰে তাৰ বাবে দুৱাৰ মুকলি হৈ থাকিব লাগে ৷
আনকি কংগনা ৰানাৱটৰ অভিযোগৰ মূল অভিযুক্ত প্ৰযোজক-পৰিচালক কৰণ জোহৰেও চলচ্চিত্ৰৰ উদ্যোগটোত বংশবাদৰ আধিপত্যৰ কথা স্বীকাৰ কৰিছে ৷ তেওঁ ৰাজহুৱাকৈ এই কথা সদৰি কৰে যে, যেতিয়া একোজন প্ৰযোজকে এজন চলচ্চিত্ৰ তাৰকাৰ সন্তানক ‘লঞ্চ’ কৰে; আচলতে সেই প্ৰযোজকজন এক নিৰাপদ স্থিতিত থাকিব বিচাৰে ৷ কিয়নো ইয়াৰ লগত ব্যৱসায়ৰ কথা জড়িত হৈ থাকে ৷ “এজন ডাঙৰ চলচ্চিত্ৰ তাৰকাৰ সন্তানে এক বৃহৎ সংখ্যক জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম…আপুনি অসফল হোৱাৰ কোনো ধৰণৰ অৱকাশ ল’ব নিবিচাৰে… এইয়া টকাৰ বিষয়…৷” অন্য কথাত ক’বলৈ গ’লে তেওঁৰ কথাৰ সাৰমৰ্ম এইটোৱেই যে প্ৰযোজকসকল সেই (নেপোটিজম) ক্ষেত্ৰখনত ‘নিৰাপদ’ ৷
ৰাজনৈতিক ক্ষেত্ৰখনতো ই সঁচা নহয় জানো ? সংসদীয় নিৰ্বাচনত টিকট বিতৰণ কৰা ব্যৱেস্থাটোলৈ লক্ষ্য কৰক ৷ আপুনি উপলব্ধি কৰিব যে ‘সংযুক্ত হৈ থকা’টো কিমান গুৰুত্বপূৰ্ণ কথা আৰু স্বাধীনতাৰ পাচৰ যোৱা সাতটা দশকৰ সৰহখিনি সময় এনকৈয়ে পাৰ হৈ গ’ল ৷ প্ৰকৃতাৰ্থত ভাৰতবৰ্ষত বংশবাদে এনেদৰে শিপাই আছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত বহু দশক পূৰ্বে চৰকাৰী কাৰ্যালয়সমূহত থকা ব্যক্তিসকলৰ সন্তানসকলৰ বাবে এইটো এটা অঘোষিত বিশেষাধিকাৰত পৰিণত হৈ পৰিছে ৷ যিবোৰ সমষ্টিত তেওঁলোকৰ আজোককাক বা আজো আইতাকসকলে প্ৰতিনিধিত্ব কৰিছিল, সেই সমষ্টিবোৰ তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায় আৰু ‘লাটয়েঞ্জৰ দিল্লী’ত তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষে অধিকাৰ সাব্যস্ত কৰি থৈ যোৱা সেই বিশেষ বাসগৃহত উত্তৰাধিকাৰী সূত্ৰে বাস কৰি আহিছে ৷ তেওঁলোক এই বাসগৃহবোৰৰ সৈতে ইমানেই একাত্ম হৈ পৰে যে কিছু বছৰৰ পাচত তেওঁলোকে আনকি এইটোও পাহৰি থাকে যে এই আৱাস্থলসমূহ প্ৰকৃততে ৰাজহুৱা সম্পত্তিহে ৷ যদি কোনো কাৰণত তেওঁলোকে এই বাসগৃহসমূহত বাস নকৰে, তথাপি সেই বংশৰ দ্বিতীয় বা তৃতীয় প্ৰজন্মৰ ৰাজনৈতিক নেতাবোৰে এইসমূহ নিবাসীক স্মৃতি সৌধ নাইবা সমাধি ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈও দাবী জনায় ৷
ৰাষ্ট্ৰীয় ৰাজনীতি আৰু লাটয়েঞ্জৰ দিল্লীত এই ধাৰাৰ প্ৰচলন কৰাৰ মূলতে হ’ল নেহৰু আৰু গান্ধী পৰিয়াল ৷ এই ধাৰাৰ আৰম্ভণি কৰিছিল আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেওঁৰ কাৰ্যকালৰ সময়চোৱাত 1959 চনত যেতিয়া তেওঁৰ জীয়ৰী ইন্দিৰা গান্ধীক ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি পদত নিযুক্তি দিছিল ৷ তাৰ পৰৱৰ্তী কালৰ ঘটনাক্ৰমৰ বিষয়ে ভাৰতৰ জনগণ ভালকৈয়ে অৱগত ৷ যেতিয়া এই পৰিয়ালৰ একোজন সদস্যই আনজনৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীৰ পদ উত্তৰাধিকাৰী সূত্ৰে পাবলৈ ধৰে, তেতিয়াৰ পৰাই এই পৰিয়ালটোৰ বাবে গণৰাজ্যৰ সংবিধানখন দুৰ্বল হৈ আহিবলৈ ধৰে আৰু এনে লগা হ’ল যেন ভাৰতবৰ্ষ প্ৰকৃততে এখন ৰাজতন্ত্ৰহে ৷ এই পৰিয়াল ক্ৰমান্বয়ে শিপাই যাবলৈ লোৱাৰ লগে লগে তেওঁলোকৰ বংশ-পৰিয়াল, বন্ধু-বান্ধৱসকলৰ আধিপত্য বাঢ়ি যাবলৈ ধৰিলে ৷ নেহৰুবাদী চিন্তাধাৰা প্ৰমুখ চিন্তাধাৰত পৰিণত হ’ল আৰু উচ্চাকাংক্ষী আমোলা, শিক্ষাবিদ, বুদ্ধিজীৱি, পেচাদাৰী সংবাদকৰ্মী অৰু ব্যৱসায়ীসকল ইয়াৰ অংশীদাৰ হৈ পৰিল ৷ এই লোকসকলে উপলব্ধি কৰিবলৈ ধৰিলে যে একমাত্ৰ এই ‘অভিযাত্ৰী দল’ৰ অংশ হৈ পৰিলেহে আমোলাতন্ত্ৰ, শিক্ষা, সংবাদ মাধ্যম তথা আন আন ক্ষেত্ৰবিলাকৰ জখলাবোৰত সফলতাৰে বগাব পৰা যাব ৷ ব্যতিক্ৰমী সন্মানীয় পদবোৰক বাদ দি সকলো গৱৰ্ণৰ, উপাচাৰ্য্য, বাতৰি কাকতৰ সম্পাদক, টিভি এংকৰ, পদ্ম বঁটা প্ৰাপ্তসকল আছিল এই সুঁতিটোৰ অংশস্বৰূপ ৷