চিটাৰা ডেস্ক,১২ মাৰ্চ:কৰ'ণাত আক্ৰান্ত হৈছে বলীউডৰ অভিনেতা মনোজ বাজপেয়ী । আক্ৰান্ত হোৱাৰ পিছত অভিনেতাগৰাকী নিজৰ ঘৰতে কোৱাৰেন্টাইন হৈ আছে । বাজপেয়ীৰ দলৰ ফালৰ পৰা বিবৃতিযোগে কোৱা হৈছে যে তেওঁৰ এগৰাকী পৰিচালক সংক্ৰমিত হোৱাৰ পিছতে অভিনেতাগৰাকীৰ দেহতো ধৰা পৰে ভাইৰাছৰ অৱস্থিতি ।
বিবৃতিটোত উল্লেখ কৰা মতে মনোজ বাজপেয়ীয়ে ৰনি স্ক্ৰুভালাৰ দ্বাৰা প্ৰযোজনা কৰা 'ডেচপেটচ' ছবিখনৰ শ্বুটিং কৰি আছিল । তেওঁ সম্প্ৰতি ঘৰতে কোৱাৰেন্টাইন হৈ থকাৰ লগতে ঔষধ পাতি গ্ৰহণ কৰি আছে । অভিনেতাগৰাকীৰ স্বাস্থ্যৰ ক্ষেত্ৰত জটিলতা নাই আৰু তেওঁ সকলো স্বাস্থ্য বিধি পালন কৰি আছে বুলি উল্লেখ কৰে বিবৃতিটোত । ইতিমধ্যে ছবিখনৰ দৃশ্যগ্ৰহণ স্থগিত ৰখা হৈছে ।