অসম

assam

হৃতিক ৰোশনৰ এখন ফটোৱে চিন্তিত কৰিছে অনুৰাগীক..

By

Published : Apr 27, 2020, 2:23 PM IST

শেহতীয়াকৈ হৃতিক ৰোশনৰ প্ৰাক্তন পত্নীয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল হৃতিক ৰোশন আৰু দুই সন্তান একেলগে থকা এখন ফটো । তাৰ পাচতেই হৃতিক ৰোশনক লৈ অনুৰাগীৰ মাজত বৃদ্ধি পায় চিন্তা ।

Hrithik Roshan smoking in pic with sons? Actor answers concerned fan
Hrithik Roshan smoking in pic with sons? Actor answers concerned fan

চিটাৰা ডেস্ক, ২৭ এপ্ৰিলঃছ'চিয়েল মিডিয়াত এতিয়া হৃতিক ৰোশন অনুৰাগীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে হৃতিকৰ এখন ফটোৱে । লক ডাউনৰ মাজতেই দুটি সন্তান হৃধান আৰু হৃহানৰ লগতে প্ৰাক্তন পত্নী চুজেন খানৰ সৈতে সময় অতিবাহিত কৰিছে অভিনেতাগৰাকীয়ে ।

এই মধুৰ ক্ষণৰে এখন ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল প্ৰাক্তন পত্নী চুজেন খানে । য'ত ফটোখনত দুই সন্তানৰ সৈতে দেখা পোৱা গৈছে অভিনেতা হৃতিক ৰোশনক । ইয়াৰ পাচতেই ফটোখনক লৈ চৰ্চা বৃদ্ধি পাইছিল অনুৰাগীৰ মাজত । কাৰণ ফটোখনত হৃতিকৰ হাতত চিৰাগেট জ্বলাই লৈ থকা যেন দেখা পোৱা গৈছিল ।

ইয়াৰ পাচতেই হৃতিকৰ অনুৰোগীয়ে বহু কমেণ্ট কৰিবলৈ লয় ফটোখনক লৈ । ইয়াৰে ভিতৰত এজন অনুৰাগীয়ে লিখে, হৃতিকৰ হাতত চিগাৰেট আছে নেকি, নে মই ভুল দেখিছো ? মই আশা কৰো এইজন @iHrithik নহয় । ইয়াক লৈ মই বহুত দুঃখিত ।

অনুৰাগী জনৰ এই কমেণ্টৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেতাগৰাকীয়ে কয়, মই এজন অ-ধূমপানকাৰী । সঁচাকৈ মই ক্ৰীছ হ'লো হয় তেন্তে এই ভাইৰাছ নিৰ্মূল কৰাৰ পাচতেই প্ৰথমে এই গ্ৰহৰ পৰা প্ৰতিটো শেষ চিগাৰেট নষ্ট কৰি দিলো হয় ।

ইয়াৰ পাচতেই পুনৰ অনুৰাগীজনে টুইট কৰি আশ্চয্যকৰ প্ৰকাশ কৰি কয়, মোৰ বিশ্বাস হোৱা নাই মোক দ্বিতীয়বাৰৰ আপুনি উত্তৰ দিছে । মই বহুত সুখী অনুভৱ কৰিছো । মই জানো আপুনি ধূমপান নকৰে । কিন্তু বহুতে মন্তব্য কৰিছিল যাক লৈ চিন্তিত হৈ পৰিছিলো । আপোনাৰ প্ৰতি থকা চিন্তা আৰু ভাল পোৱাৰ বাবেই এই প্ৰশ্ন কৰিছিলো । উত্তৰ দিয়াৰ বাবে বহুত-বহুত ধন্যবাদ । বহুত ভাল পাও আপোনাক ।

লক ডাউনৰ মাজতেই মানিসিক ভাৱে সুস্থ থাকিবলৈ অভিনেতাগৰাকীয়ে কেইটামান উপায় আগবঢ়াইছে । মানসিক স্থিৰতাৰ বাবে ভিটামিন ডি ৰ এটা ড'ছ দৈনিক সেৱন কৰিবলৈ পৰামৰ্শ আগবঢ়াই অভিনেতাগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details