চিটাৰা ডেস্ক, 8 ফ্ৰেব্ৰুৱাৰী : বাহুবলীৰ অপাৰ সফলতাৰ পিছত প্ৰভাসৰ হাতত আছে কেইবাখনো ব্যয়বহুল ছবি ৷ দীপিকা পাডুকনৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰা তেওঁৰ আহিবলগীয়া ছবি প্ৰজেক্ট কে ৰ দ্বিতীয় পৰ্যায়ৰ শ্বুটিং অতি শীঘ্ৰেই আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ছবিখনৰ টীমটোৱে (Deepika padukone prabhas project k schedule) ৷
ছবিখনৰ নিৰ্মাতাসকলে জানিবলৈ দিছে যে শ্বুটিংৰ বাবে ছেট তৈয়াৰ কৰি থকা হৈছে ৷ ফ্ৰেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ’বলগীয়া শ্বুটিং কিছু দীঘলীয়া সময়ৰ বাবে হ’ব ৷ হায়দৰাবাদত কিছু দীঘলীয়া সময়ৰ ৰ’ব দীপিকা আৰু প্ৰভাস ৷