অসম

assam

By

Published : Apr 3, 2021, 2:20 PM IST

ETV Bharat / sitara

'চলি চলি' ৰ বাবে কেনে প্ৰস্তুতি চলাইছিল কংগনাই

অৱশেষত শুকুৰবাৰে উন্মোচন কৰা হ'ল কংগনা ৰাণাৱট অভিনীত 'থলাইভি' ছবিৰ বহু প্ৰতীক্ষিত 'চলি চলি' শীৰ্ষক গীতটি । এই গীতটোৰ জৰিয়তে জয়ললিতাৰ অভিনয় জীৱনৰ আৰম্ভণিৰ সময়খিনি দেখুওৱা হৈছে । 'চলি চলি' শীৰ্ষক গীতটিৰ দৃশ্যগ্ৰহণৰ এমাহ পূৰ্বৰে পৰা কংগনাই অনুশীলন আৰম্ভ কৰিছিল ।

শুক্ৰবাৰে উন্মোচন কৰা হ'ল 'থলাইবী' ছবিৰ বহু প্ৰতীক্ষিত 'চলি চলি' শীৰ্ষক গীতটি
শুক্ৰবাৰে উন্মোচন কৰা হ'ল 'থলাইবী' ছবিৰ বহু প্ৰতীক্ষিত 'চলি চলি' শীৰ্ষক গীতটি

চিটাৰা ডেস্ক,৩ এপ্ৰিল: তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী তথা অভিনেত্ৰী জয়াললিতাৰ জীৱন কাহিনীৰ ওপৰত নিৰ্মীত ছবি 'থলাইভি'ত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে কংগনা ৰাণাৱটে । শুকুৰবাৰে ছবিখনৰ 'চলি চলি' শীৰ্ষক গীতটি উন্মোচন কৰা হয় । ছবিখনত কংগনাৰ অভিনয় সন্দৰ্ভত নিৰ্দেশক এ এল বিজয়ে কয় যে, অনুশীলন বেছিকৈ কৰা বাবে ছবিখনৰ দৃশ্যগ্ৰহণ নিখুঁত হৈছিল ।

লগতে তেওঁ কয় যে, জয়াললিতাৰ ব্যক্তিত্ব চিনেমাৰ পৰ্দাত দাঙি ধৰাতো এক ডাঙৰ দায়িত্ব আছিল বুলি মন্তব্য কৰে নিৰ্দেশকগৰাকীয়ে । কিন্তু চাৰিবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী কংগনা ৰাণাৱটৰ সুদক্ষ অভিনয়ে ছবিখনৰ কাম সম্পূৰ্ণ কৰাত যথেষ্ট সহায় হৈছিল । কংগনাই ছবিখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু 'চলি চলি' শীৰ্ষক গীতটি সুন্দৰ কৰি তুলিবলৈ দৃশ্যগ্ৰহণৰ এমাহ পূৰ্বৰে পৰা কংগনাই অনুশীলন আৰম্ভ কৰিছিল । সেয়ে গীতটোৰ দৃশ্যগ্ৰহণ আশা কৰা ধৰণে হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে ।

এই গীতটোৰ জৰিয়তে জয়াললিতাই ৰাজনীতিৰ পথাৰত খোজ পেলোৱাৰ পূৰ্বৰ অভিনয় জীৱনৰ আৰম্ভণিৰ সময়খিনি দেখুওৱা হৈছে । নিৰ্দেশকগৰাকীয়ে কয় যে, জয়াললিতা তামিল ছবি জগতৰ ছুপাৰষ্টাৰ আছিল । জয়াললিতাৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত ছবিৰ বিষয়ে ভালদৰে বুজিবলৈ যথেষ্ট অধ্যয়ন কৰিছিল বুলিও তেওঁ মন্তব্য কৰে । ২৩ এপ্ৰিলত 'থলাইভি' ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: বেলী নৃত্যৰ ভংগীমাৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিছে শানায়া কাপুৰে

ABOUT THE AUTHOR

...view details