নিউজ ডেস্ক,11 জুনঃকৰ'ণা মহামাৰীৰ এই জটিল সময়ত যথেষ্ট দুৰ্ভোগ ভুগিছিল প্ৰৱাসী শ্ৰমিকসকলে ৷ বহুজনে নিজ ৰাজ্যলৈ বুলি খোজকাঢ়ি বাট বুলিছিল, তেনে সময়তে প্ৰৱাসী শ্ৰমিক সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছিল বলীউডৰ জনপ্ৰিয় অভিনেতা চনু চুড ৷ মহাৰাষ্ট্ৰত বাস কৰা বিভিন্ন ৰাজ্যৰ প্ৰৱাসী শ্ৰমিকক নিজগৃহলৈ উভতাই পঠাবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে অভিনেতাগৰাকীয়ে ৷
মুম্বাইস্থিত অসমীয়া প্ৰৱাসী শ্ৰমিকসকলকো তেঁও বিভিন্ন মাধ্যমেৰে ঘৰলৈ উভতাই পঠাইছে ৷ শেহতীয়াকৈ বিমানযোগে নিজা খৰচেৰে 180 গৰাকী প্ৰৱাসী শ্ৰমিকক শিলচৰৰ নিজা ঘৰলৈ উভতাই পঠিয়ালে অভিনেতা চনু চুডে ৷ এই কথাৰ বাবে তেঁওক প্ৰশংসাৰে উপচাই তুলিলে বহুজনে ৷ ৰিল লাইফৰ খলনায়ক আজি ৰিয়েল লাইফৰ নায়ক ৷ এইগৰাকী নায়কক কৃতজ্ঞতা জ্ঞাপন কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে টুইট যোগে কৃতজ্ঞতা জ্ঞাপন কৰে অভিনেতা চনু চুডক ৷