প্ৰধানমন্ত্ৰী মোডীক 'আৰ্বান নাজী' বুলি অভিহিত কৰে অনুৰাগ কাশ্যপে
চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে নিজৰ টুইটাৰ একাউন্ট যোগে এড'ল্ফ হিটলাৰৰ এটা ভিডিঅ' প্ৰকাশ কৰি সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোডীক ৷ ভিডিঅ'ৰ কেপচনত লিখে ," মোক ঘিণ কৰা কিন্তু ভাৰতক নকৰিবা- আমাৰ বেচেৰা প্ৰধানমন্ত্ৰী আৰ্বান নাজী ৷"
অনুৰাগ কাশ্যপ
চিটাৰা ডেস্ক.23 ডিচেম্বৰঃছবি নিৰ্মাতা অনুৰাগ কাশ্যপে নিজৰ বিচাৰ ব্যক্ত কৰিবৰ বাবে আশ্ৰয় লয় টুইটাৰৰ ৷
চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে টুইটাৰত এড'ল্ফ হিটলাৰৰ এটা ভিডিঅ' প্ৰকাশ কৰে ৷ য'ত এড'ল্ফ হিটলাৰে স্পষ্ট ভাষাৰে কয় যে, মই জানো মোক কোনে ঘিণ কৰে ৷ মোক ঘিণ কৰা সেইটো তোমাৰ ইচ্ছা কিন্তু জাৰ্মানীক ঘিণ নকৰিবা ৷
ভিডিঅ'টোৰ লগত অনুৰাগ কাশ্যপে কেপচনত লিখে , " মোক ঘিণ কৰা কিন্তু ভাৰতক নকৰিবা- আমাৰ বেচেৰা প্ৰধানমন্ত্ৰী আৰ্বান নাজী ৷"