অসম

assam

ETV Bharat / sitara

কৰণ জোহৰৰ পৰৱৰ্তী ৰোমাণ্টিক ছবিত আলিয়া-ৰণবীৰ !

2019 চনত মুক্তিলাভ কৰা ব্লকবাষ্টাৰ ছবি ‘গাল্লী বয়’ৰ পাচত পুনৰ এক ৰোমাণ্টিক ছবিত একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছে আলিয়া ভাট আৰু ৰণবীৰ সিঙে ৷ আহিবলগীয়া এই ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা কৰিব কৰণ জোহৰে ৷

By

Published : Jan 31, 2021, 8:34 PM IST

alia-ranveer
আলিয়া-ৰণবীৰ

চিটাৰা ডেস্ক,31 জানুৱাৰী :ছবি নিৰ্মাতা কৰণ জোহৰৰ পৰৱৰ্তী ৰোমাণ্টিক ছবিত পুনৰ একেলগে কাম কৰিব বলিউড তাৰকা আলিয়া ভাট আৰু ৰণবীৰ সিঙে ৷

আলিয়া-ৰণবীৰ

ৰণবীৰ কাপুৰ, অনুষ্কা শৰ্মা আৰু ঐশ্বৰ্য ৰায় বচ্চন অভিনীত ‘এ ডিল হ্যে মুছকিল’ ছবি পৰিচালনাৰ পাছত পুনৰ পৰিচালক ভূমিকা গ্ৰহণ কৰিব কৰণ জোহৰে ৷ ছবি নিৰ্মাতাগৰাকীৰ আগন্তুক এটি নতুন প্ৰেম কাহিনীৰে এইবাৰ আলিয়া আৰু ৰণবীৰ সিঙৰ যুটিক বাছনি কৰিছে কৰণ জোহৰে ৷

আলিয়া-ৰণবীৰ

আকৰ্ষণীয়ভাৱে, নামবিহীন এই ছবিখনে ৰণবীৰ আৰু কৰণ জোহৰৰ সহযোগিতা পোহৰলৈ লৈ অহাৰ বিপৰীতে আলিয়াই 2019 চনতেই মুক্তিলাভ কৰা ‘কলংক’ ছবিৰ পাচত পুনৰ ধৰ্ম প্ৰডাকশ্যনৰ সৈতে একত্ৰিত হ’ব ৷ অৱশ্যে ছবিখনৰ বাকী দিশসমূহৰ বিৱৰণ বৰ্তমানো গোপনে ৰখা হৈছে ৷

লগতে পঢ়ক :বচ্চন পাণ্ডেত ভিলেইনৰ ৰূপত দেখিবলৈ পোৱা যাব অভিমন্যু সিঙক

ABOUT THE AUTHOR

...view details