অসম

assam

ETV Bharat / science-and-technology

Whatsapp Feature: শীঘ্ৰেই ৩২ জন লোকে একেলগে কৰিব পাৰিব Video call - কল ছেকচন

WhatsApp ব্যৱহাৰকাৰীৰ বাবে এক সুখবৰ ৷ শীঘ্ৰেই ৩২ জন লোকে একেলগে কৰিব পাৰিব Video call ৷ মেটাৰ মূল প্ৰতিষ্ঠান মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে সোমবাৰে জনাই যে, ইনষ্টেণ্ট মেছেজিং আৰু কলিং এপ হোৱাটছএপে (Instant messaging and calling app WhatsApp) ভিডিঅ’ আৰু ভইচ কলত লোকসকলে যোগদান কৰিব পৰাকৈ কল লিংক ৰোল আউট কৰিব ।

WhatsApp to roll out links for voice, video calls; testing group call for up to 32 people
শীঘ্ৰেই ৩২ জন লোকে একেলগে কৰিব পাৰিব Video call

By

Published : Sep 27, 2022, 1:22 PM IST

নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ:WhatsApp ব্যৱহাৰকাৰীৰ বাবে এক সুখবৰ ৷ শীঘ্ৰেই ৩২ জন লোকে একেলগে কৰিব পাৰিব Video call ৷ মেটাৰ মূল প্ৰতিষ্ঠান মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে সোমবাৰে জনাই যে, ইনষ্টেণ্ট মেছেজিং আৰু কলিং এপ হোৱাটছএপে (Instant messaging and calling app WhatsApp) ভিডিঅ’ আৰু ভইচ কলত লোকসকলে যোগদান কৰিব পৰাকৈ কল লিংক ৰোল আউট কৰিব । কোম্পানীটোৱে হোৱাটছএপত ৩২ জনলৈকে লোকৰ বাবে গ্ৰুপ ভিডিঅ’ কলৰ টেষ্টো আৰম্ভ কৰিছে ।

জুকাৰবাৰ্গে কয় যে, "আমি এই সপ্তাহৰ পৰা হোৱাটছএপত কল লিংক ৰোল আউট কৰিছো যাতে আপুনি One Tapৰ সৈতে ফোনকল আৰম্ভ কৰিবলৈ এটা লিংক শ্বেয়াৰ কৰিব পাৰে । তেওঁ কয় যে, আমি ৩২ জনলৈকে সুৰক্ষিত এনক্ৰিপ্ট কৰা ভিডিঅ' কলিংও পৰীক্ষা কৰি আছো । ইফালে, অতি শীঘ্ৰেই এই সুবিধা সকলোৱে লাভ কৰিব বুলি জুকাৰবাৰ্গে জানিবলৈ দিয়ে ।" ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত এটা পোষ্ট। ২০২২ চনৰ জুন মাহলৈকে ৪৮৭.৫ মিলিয়ন ব্যৱহাৰকাৰীৰ সৈতে ভাৰত হৈছে হোৱাটছএপৰ সৰ্ববৃহৎ বজাৰ ।

ব্যৱহাৰকাৰীসকলে কল ছেকচনৰ পৰা এটা কল লিংক তৈয়াৰ কৰি পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব । WhatsApp ব্যৱহাৰকাৰীসকলক Call Links ব্যৱহাৰ কৰিবলৈ এপটোৰ শেহতীয়া সংস্কৰণৰ প্ৰয়োজন হ’ব আৰু এই সপ্তাহৰ পৰা আৰম্ভ হ’ব ৰোলআউট । এই নতুন ফিচাৰে ভিডিঅ’ কলিং আৰু কনফাৰেঞ্চিং এপসমূহৰ মাজত প্ৰতিযোগিতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :৬ সপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে Covid-19ত আক্ৰান্ত Pfizerৰ CEO Albert Bourla

ABOUT THE AUTHOR

...view details