নিউজ ডেস্ক, 13 অক্টোবৰ:চলচ্চিত্ৰৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে মহাকাশত শ্বুটিং কৰিব টম ক্ৰুজে(Tom Cruise) । হলীউডৰ এইগৰাকী বিশ্বপ্ৰসিদ্ধ তথা অতিকে জনপ্ৰিয় অভিনেতাই এই ইতিহাস ৰচিবলৈ গৈ আছে(Tom Cruise shoot movie in outer space)। ষ্টাণ্ট কৰি ভাল পোৱা টম ক্ৰুজ এইবাৰ মহাকাশলৈ উৰা মাৰিব । পৃথিৱীৰ বুকুৰ পৰা হাজাৰ যোজন দূৰত গৈ চিনেমাৰ শ্বুটিং কৰিব । ইয়াৰ উদ্দেশ্যে এখন নতুন চলচ্চিত্ৰৰ বাবে ৰকেটত মহাকাশলৈ গৈ আছে হলিউডৰ অভিনেতাগৰাকী । তাতেই হ’ব ছবিৰ শ্বুটিং ।
পৰিচালক ডৌ লিমানে কয় যে, পৰিকল্পনাটো ইতিমধ্যে চূড়ান্ত হৈ আছিল । চলচ্চিত্ৰখন ষ্টুডিঅ’ত নহয়, মহাকাশতেই নিৰ্মাণ কৰা হ’ব । মহাকাশ কেন্দ্ৰটোৱে (Space Station) তাত এক ডাঙৰ ভূমিকা পালন কৰিব । ছবিখনৰ পৰিচালক গৰাকীয়ে জনোৱা অনুসৰি এই ছবিখনৰ শ্বুটিং বহু পূৰ্বেই হোৱা কথা আছিল । পাছে কৰ’ণা মহামাৰীৰ বাবে ই ২ টা বছৰ পিছুৱাই দিব লগা হয় ।