নিউজ ডেস্ক, 12 ছেপ্টেম্বৰ: Mobile accessories নিৰ্মাণ কৰা কোম্পানী Ambraneয়ে মুকলি কৰিছে ইয়াৰ প্ৰথম স্মাৰ্ট চশমা (Smart Audio Sunglasses) ৷ Glare নামৰ এই স্মাৰ্ট চশমাৰ দাম মাত্ৰ ৪৯৯৯ টকাত ৰখা হৈছে আৰু কোম্পানীটোৱে ইয়াৰ সহায়ত ব্যৱহাৰকাৰীক এক অতি বিশেষ অডিঅ’ অভিজ্ঞতা প্ৰদান কৰাৰ দাবী কৰিছে । ক’লা ৰঙত অহা এই স্মাৰ্ট চশমা চাৰিকোণীয়া আৰু গোল ফ্ৰেমৰ আকাৰত উপলব্ধ ।
এম্ব্ৰেন গ্লেয়াৰ স্মাৰ্ট চশমাত বিল্ট-ইন লুকাই থকা স্পীকাৰ আছে আৰু ইয়াক মাল্টি-ফাংচনেল টাচ কণ্ট্ৰ’লৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পাৰি । MEMS মাইক্ৰ’ফোন থকা এই ডিভাইচটোৱে HD চাৰউণ্ড চাউণ্ড অভিজ্ঞতা প্ৰদান কৰে আৰু ইয়াক IPX4 ৱাটাৰ ৰেজিষ্টেন্স ৰেটিঙৰ সৈতে মুকলি কৰা হৈছে । গ্লেয়াৰ স্মাৰ্ট চশমাক স্মাৰ্টফোন বা ব্লুটুথ ৫.১ সংযোগ থকা অন্য ডিভাইচৰ সৈতে সংযোগ কৰিব পাৰি ।