অসম

assam

ETV Bharat / jagte-raho

টীয়কত গ্ৰেপ্তাৰ গৰু চুৰি চক্ৰৰ দুটাকৈ গৰুচোৰঃ জব্দ ছাফাৰী

টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপাঙ্কৰ গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চাৰিজনীয়া গৰু চোৰৰ দলৰ দুজনক আটক কৰিবলৈ সক্ষম হয় যদিও আন দুটা গৰু চোৰ আন্ধাৰৰ সুযোগ লৈ পলাই যায় ৷

By

Published : Apr 28, 2019, 9:07 PM IST

টীয়ক আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ গৰু চুৰি চক্ৰৰ দুটাকৈ গৰুচোৰ

টীয়ক, 28 এপ্ৰিলঃ যোৰহাট জিলাৰ টীয়ক আৰক্ষীয়ে শনিবাৰে পুৱা জাঁজীৰ সমীপৰ তেল ডিপোৰ ওচৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় দুটা দুৰ্ধৰ্ষ গৰু চোৰ ৷ টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপাঙ্কৰ গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে উক্ত স্থানত গৰু চোৰ কৰিবলৈ ৰৈ থকা চাৰিজনীয়া গৰু চোৰৰ দলৰ দুজনক আটক কৰিবলৈ সক্ষম হয় যদিও আন দুটা গৰু চোৰ আন্ধাৰৰ সুযোগ লৈ পলাই যায় ।

টীয়ক আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ গৰু চুৰি চক্ৰৰ দুটাকৈ গৰুচোৰ

আৰু পঢ়কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাই ৰঙা ঘৰৰ আলহী হ'ল এগৰাকী দেহৰক্ষী

আৰক্ষীয়ে কৰায়ত্ত কৰা গৰু চোৰ দুটা ক্ৰমে লাহদৈগড়ৰ ইদ্ৰিছ আলি আৰু যোৰহাট চাৰিগাঁৱৰ পাপু শইকীয়া ৷ লগতে আৰক্ষীয়ে জব্দ কৰে AS-03-H-2121 নম্বৰৰ এখন টাটা চাফাৰী গাড়ী । ইতিমধ্যে এই চক্ৰত কমাৰ খাটোৱালৰ মুন্না আলি নামৰ এটা গৰু চোৰ জড়িত থকা বুলি জানিব পৰা গৈছে । ভাইজান নামৰ এজন ব্যক্তিক পথৰ দাঁতিৰ গৰু ধৰি বিলাসী গাড়ীৰে শিৱসাগৰৰ দৰবাৰ খেলপথাৰত এই পৰ্যন্ত প্ৰায় 60 টাৰো অধিক গৰু বিক্ৰী কৰে বুলি স্বীকাৰ কৰে চক্ৰটোৱে । এই চক্ৰটো যোৰহাটৰ পৰা শিৱসাগৰলৈকে বিয়পি আছে বুলিও সদৰী কৰে ধৃত ইদ্ৰিছে ৷

ABOUT THE AUTHOR

...view details