অসম

assam

By

Published : Sep 6, 2019, 11:41 PM IST

ETV Bharat / jagte-raho

ধুবুৰীত মহিলা সহ 2 জন আটক : জব্দ মাৰণাস্ত্ৰ আৰু নগদ ধন

ধুবুৰীৰ ঝগৰাৰপাৰ আৰু আদাবাৰী অঞ্চলত আৰক্ষীৰ অভিযান । ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষীৰ যুটীয়া অভিযানত মহিলা সহ দুজনক আটক কৰাৰ বিপৰীতে জব্দ হ'ল মাৰণাস্ত্ৰ আৰু নগদ ধন সহ বহু আপত্তি জনক সামগ্ৰী ।

ধুবুৰীত আৰক্ষীৰ অভিযানত মহিলা সহ 2 জন আটক

ধুবুৰী,6 চেপ্টেম্বৰঃ বৃহস্পতিবাৰে ধুবুৰীৰ জাফৰ আলী নামৰ এজন লোকে গৌৰীপুৰৰ ষ্টেট বেংকৰ পৰা টকা উঠাই ঘৰলৈ যাওঁতেই এখন পালচাৰ বাইকেৰে অহা দুজন যুৱকে টকাৰ বেগ লৈ উধাও হয় । এই সন্দৰ্ভত জাফৰ আলীয়ে গৌৰীপুৰ আৰক্ষী থানাত দাখিল কৰা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান আৰম্ভ কৰে ।

ধুবুৰীত আৰক্ষীৰ অভিযানত মহিলা সহ 2 জন আটক

এক গোপন খবৰৰ ভিত্তিত প্ৰথমতে গৌৰীপুৰ আৰক্ষীয়ে ধুবুৰী আৰক্ষীৰ সহায় লৈ যৌথ ভাবে অভিযান চলাই ঝগৰাৰপাৰ অঞ্চলৰ পৰা ঘটনাৰ সৈতে জড়িত আফজালুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে ৷ পাচত আফজালুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত বদৰুজ্জামানৰ নামৰ আনটো ডকাইতৰ বিৰুদ্ধে অভিযান চলায় যদিও আৰক্ষীয়ে সফল হ'ব নোৱাৰে । আনহাতে আৰক্ষীয়ে বদৰুজ্জামানৰ ঘৰত উপস্থিত হৈ পিষ্টলৰ লগতে বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে বদৰুজ্জামানৰ মাতৃ ববিতা খাতুন নামৰ মহিলা গৰাকীকো সোধপোচৰ বাবে আটক কৰিছে ।

ABOUT THE AUTHOR

...view details