অসম

assam

By

Published : May 20, 2019, 10:59 AM IST

ETV Bharat / jagte-raho

বাক্সাৰ কুমাৰীকাটাৰ অভয়পুৰত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

দেওবাৰে নিশা স্বামীৰ খুকুৰীৰ ঘাপত প্ৰাণ গ'ল পত্নী দিপালী মণ্ডলৰ ৷ ঘটনা সংঘটিত কৰিয়েই আৰক্ষী থানাত আত্মসমৰ্পন ঘাটক স্বামীৰ ৷

বাক্সাৰ কুমাৰীকাটাৰ অভয়পুৰত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

বাক্সা, 20 মে': বাক্সাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত অভয়পুৰ গাঁৱত দেওবাৰে নিশা স্বামীৰ খুকুৰীৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ । ধনঞ্জয় মণ্ডল(৪০) নামৰ লোক জনে পত্নী দিপালী মণ্ডলক(৩৫) নিশা প্ৰায় ১১:৪৫ মান বজাত শোৱা পাতিতে ডিঙিত খুকুৰীৰে ৰেপী হত্যা কৰে । পাৰিবাৰিক কণ্ডলৰ ফলতে ধনঞ্জয় মণ্ডলে পত্নীক হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।

বাক্সাৰ কুমাৰীকাটাৰ অভয়পুৰত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

উল্লেখ্য যে, ঘটনা সংঘটিত কৰি হত্যাকাৰী ধনঞ্জয়ে কুমাৰীকাটা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে । ইতিমধ্যে ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷

ABOUT THE AUTHOR

...view details