দলগাঁও, 22 জুলাই :দৰং আৰক্ষীৰ বৃহৎ সফলতা । খাৰুপেটিয়াত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন জালিয়াতিৰে আত্মসাৎ কৰা খলনায়ক মনোহৰ বাদশ্বাহ অৱশেষত আৰক্ষীৰ জালত ।
লগতে পঢ়কঃবাঘজানৰ বিস্ফোৰণঃ 3 বিদেশী বিশেষজ্ঞ আহত
উল্লেখযোগ্য যে, দৰঙৰ খাৰুপেটিয়াৰ নিকটৱৰ্তী অচিনতলা হাইস্কুল(অপ্ৰাদেশীকৃত)ৰ প্ৰধান শিক্ষক মনোহৰ বাদশ্বাহে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ নামত তিনিটা বছৰত আত্মসাৎ কৰিছিল ন-লক্ষাধিক টকা । প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ নামত,ছবছৰীয়া পুত্ৰৰ নামত,পত্নীৰ নামত,পৰিয়ালৰ আন আন সদস্যৰ নামতো সৰকাইছিল মোটা অংকৰ ধন ।