অসম

assam

ETV Bharat / jagte-raho

উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ বুলি পৰিচয় দি বিপদত এগৰাকী লোক

উত্তৰ প্ৰদেশৰ চাহজাহানপুৰ জিলাৰ আৰক্ষী অধীক্ষক য়শ আনন্দৰ আগত নিজকে বিধানসভাৰ অধ্যক্ষ হৃদয় নাৰায়ন দিক্ষিত বুলি পৰিচয় দি খোদ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় এগৰাকী লোক ৷ ধৃত লোকগৰাকী গৌৰৱ মিশ্ৰা বুলি জানিব পৰা গৈছে ৷

উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ বুলি পৰিচয় দি বিপদত এগৰাকী লোক
উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ বুলি পৰিচয় দি বিপদত এগৰাকী লোক

By

Published : Jul 14, 2020, 1:22 AM IST

নিউজ ডেস্ক, 14 জুলাই :আৰক্ষী অধীক্ষকক ফোন কৰি নিজকে বিধানসভাৰ অধ্যক্ষ বুলি পৰিচয় দিয়া এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ চাহজাহানপুৰ জিলাত ৷

কোনো অজ্ঞাত লোকে জিলাখনৰ আৰক্ষী অধীক্ষক য়শ আনন্দক ফোন কৰি নিজকে উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ হৃদয় নাৰায়ন দিক্ষিত বুলি পৰিচয় দিয়ে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁৰ চিইউজি নম্বৰত এটা ফোনকল আহে আৰু সিফালৰ পৰা ব্যক্তিগৰাকীয়ে নিজকে হৃদয় নাৰায়ন দিক্ষিত বুলি পৰিচয় দিয়ে ৷ ব্যক্তিগৰাকীয়ে আৰক্ষী অধীক্ষকক গৰাকীক তেওঁৰ কোনো চিনাকী ব্যক্তিয়ে লগ কৰিব বিচাৰিছে বুলি জনাই আৰক্ষী অধীক্ষক আনন্দক জনায় ৷ প্ৰথম অৱস্থাতে এই ফোনকলটো আৰক্ষীৰ তথ্য-প্ৰযুক্তি বিভাগে ভুৱা বুলি নিশ্চিত হয় ৷ পৰৱৰ্তী সময়ত নম্বৰটোৰ বিষয়ে অনুসন্ধান কৰাত নম্বৰটো গৌৰৱ মিশ্ৰা নামৰ এগৰাকী ব্যক্তিৰ বুলি আৰক্ষীয়ে তথ্য লাভ কৰে ৷

ধৃত গৌৰৱ মিশ্ৰা

গৌৰৱ মিশ্ৰাৰ তথ্য লাভ কৰি আৰক্ষীয়ে পুৱায়া আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ইয়াৰ পূৰ্বেও গৌৰৱ মিশ্ৰাই জিলা দণ্ডাধীশ ইন্দ্ৰ বিক্ৰম সিঙৰ লগতে অন্যান্য চৰকাৰী বিষয়াসকলক এইদৰে ভুৱা ফোনকল কৰি আহিছিল ৷

ইতিমধ্যে চাহজাহানপুৰ আৰক্ষীয়ে গৌৰৱ মিশ্ৰাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়কঃউত্তৰ প্ৰদেশ আৰক্ষীৰ 4 দিনৰ জিম্মাত বিকাশ ডুৱেৰ দুই সহযোগী

ABOUT THE AUTHOR

...view details