গুৱাহাটী, 23জুনঃলক ডাউনৰ মাজতো মহানগৰীত অব্যাহত আছে মাৰাত্মক ড্ৰাগছ সৰবৰাহ । মংগলবাৰে মহানগৰীৰ আঠগাঁৱত দুই ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । গোপন সূত্ৰৰ পম খেদি ভৰলুমুখ আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাই যৌথভাবে অভিযান চলাই আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক । ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীৰ ভিতৰত আছে মৰ্জিনা বেগম নামৰ এগৰাকী মহিলা আৰু তফচুৰ আলী নামৰ এজন লোক ।
গুৱাহাটীত ড্ৰাগছসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী
গুৱাহাটী মহানগৰীৰ আঠগাঁৱত আৰক্ষীৰ জালত পৰে ড্ৰাগছ সহ দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীৰ ভিতৰত আছে মৰ্জিনা বেগম নামৰ এগৰাকী মহিলা আৰু তফচুৰ আলী নামৰ এজন লোক ।
গুৱাহাটীত আৰক্ষীৰ জালত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী
ইফালে ধৃত সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰীৰ কটাহবাৰীতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে । আঠগাঁও আৰু কটাহবাৰীৰ পৰা আৰক্ষীয়ে সৰ্বমুঠ ২৬.২০০ গ্ৰাম ড্ৰাগছ, এটা মোবাইল ফোন, ৪৯,৫০০ টকাৰ নগধ ধন, ১৬টা ৰূপৰ সামগ্ৰী আৰু বহু সন্দেহজনক সামগ্ৰী জব্দ কৰে । ইফালে ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷