বৰপেটা, 2 জানুৱাৰী :বৰপেটাৰ জনীয়াৰ মহম্মদপুৰ আৰু কাদং গাঁৱত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই দুই ড্ৰাগছ ব্য়ৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন লোক দুজন মহম্মদপুৰ গাঁৱৰ শ্বাহজামাল আলী আৰু কাদং গাঁৱৰ মুস্তাফিজুৰ ৰহমান বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে ৷ লগতে, আৰক্ষীয়ে বহু নিচাযুক্ত টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
বৰপেটাত আৰক্ষীৰ অভিযানত নিচাযুক্ত টেবলেট উদ্ধাৰ - নিচাযুক্ত টেবলেট উদ্ধাৰ
বৰপেটাত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে ৷ লগতে আৰক্ষীয়ে বহু পৰিমানৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

বৰপেটাত আৰক্ষীৰ অভিযানত নিচাযুক্ত টেবলেট উদ্ধাৰ
উল্লেখ্য যে, জনীয়াৰ মহম্মদপুৰ আৰু কাদং গাঁৱত এই দুই যুৱকে দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেটৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই দুই ড্ৰাগছ ব্যৱসায়ী দুগৰাকী আটক কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক :ঝাৰখণ্ডত নক্সালবাদী দম্পত্তীক মৰিয়াই হত্যা গাঁওবাসীৰ