মোমায়েকে উপৰ্যুপৰি দাৰ ঘাপত সংকটজনক অৱস্থা ভাগিনৰ - কৰিমগঞ্জ
কৰিমগঞ্জৰ ওল্ড মিচন ৰোডত চাঞ্চল্যকৰ ঘটনা | দিনৰ পোহৰতে মোমায়েকে বলিছ্বেদৰে উপৰ্যুপৰি আক্ৰমন চলালে ভাগিনৰ ওপৰত |
কৰিমগঞ্জ,2অক্টোবৰঃকৰিমগঞ্জত ৰহস্যজনক চাঞ্চল্যকৰ ঘটনা । দিনৰ পোহৰতে বয়োজ্যেষ্ঠ মোমায়েকে বলিছ্বেদৰে (বলি দিয়াৰ দা) উপৰ্যুপৰি আক্ৰমন চলালে ভাগিনক । ৮১ বছৰিয়া মোমায়েক পিযুষ ৰয় চৌধুৰীয়ে ভাগিন সুজিত পুৰকায়স্থৰ গাত দাৰে কেইবাটাও ঘাপ দিয়ে । ইপিনে ততাতৈয়াকৈ আহত লোকজনক সংকটজনক অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অধিক শোচনীয় হোৱাত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । পাচত ঘাতক মোমায়েক পিযুষ ৰয় চৌধুৰীক ৰাইজে আবদ্ধ কৰি আৰক্ষীক গতাই দিয়ে । অৱশ্যে কি কাৰণত মোমায়েকে ভাগিনৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ চলালে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷