অসম

assam

ETV Bharat / international

বাংলাদেশৰ নিৰ্বাচন, ভোটদান কৰি ভাৰতক প্ৰশংসা শ্বেখ হাছিনাৰ

আজি বাংলাদেশৰ সাধাৰণ নিৰ্বাচন (Bangladesh election)। ভোটদানৰ পাছতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ সমৰ্থনৰ কথা স্মৰণ কৰে । বিৰোধী দলবোৰে দেশখনত হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ হাছিনাৰ ।

By ANI

Published : Jan 7, 2024, 10:32 AM IST

Sheikh Hasina praises India
ভোটদান কৰি ভাৰতক প্ৰশংসা শ্বেখ হাছিনাৰ

নেশ্যনেল ডেস্ক,৭ জানুৱাৰী :তীব্ৰ প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ মাজতে আজি বাংলাদেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছে । এই বিশেষ মুহূৰ্তত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ প্ৰশংসা কৰি কয় যে ভাৰতৰ দৰে বিশ্বস্ত বন্ধু পোৱাৰ বাবে বাংলাদেশ ভাগ্যৱান । তেওঁৰ বাৰ্তাত ১৯৭১ চনৰ মুক্তি যুদ্ধৰ সময়ত ভাৰতৰ সমৰ্থনৰ কথাও উল্লেখ কৰে । বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে ১৯৭৫ চনৰ পিচত যেতিয়া তেওঁ গোটেই পৰিয়ালটো হেৰুৱাইছিল ভাৰতে তেওঁলোকক আশ্ৰয় দিছিল ।

প্ৰধানমন্ত্ৰী হাছিনাই ১৯৭৫ চনত তেওঁৰ পৰিয়ালৰ গণহত্যাৰ ভয়াবহতাৰ কথা বৰ্ণনা কৰে যেতিয়া তেওঁৰ গোটেই পৰিয়ালটো নিহত হৈছিল আৰু তেওঁ বহু বছৰ ধৰি ভাৰতত আশ্ৰয় লৈছিল । তেওঁ পিচত বাংলাদেশলৈ উভতি যায় আৰু আৱামী লীগৰ দায়িত্ব লয় ।

সাধাৰণ নিৰ্বাচনত ভোটদান কৰাৰ পিচতে হাছিনাই দেওবাৰে দেশৰ উন্নয়নৰ বাবে গণতন্ত্ৰৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কয় যে যোৱা বছৰবোৰত তেওঁৰ চৰকাৰে জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিছে ।

তেওঁ কয় যে বাংলাদেশ সাৰ্বভৌম আৰু স্বাধীন । ইয়াৰ জনসংখ্যাও বেছি । কিন্তু চৰকাৰে মানুহৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিছে । তেওঁ নিশ্চিত কৰিব বিচাৰে যে এই দেশত গণতন্ত্ৰ অব্যাহত থাকিব লাগে আৰু গণতন্ত্ৰ অবিহনে কোনো উন্নয়ন কৰিব নোৱাৰি । তেওঁৰ চৰকাৰে ২০০৯ চনৰ পৰা ২০২৩ চনলৈ এক দীঘলীয়া সময়ৰ বাবে শাসনত থকাৰ বাবে বাংলাদেশে ইমান খিনি সফলতা অৰ্জন কৰিছে বুলিও হাছিনাই দাবী কৰে ।

প্ৰধানমন্ত্ৰী হাছিনাই লগতে কয় যে তেওঁৰ চৰকাৰে এনে এক পৰিৱেশ সৃষ্টি কৰিছিল য'ত মানুহে ওলাই আহি ভোট দিবলৈ সক্ষম হৈছে । তেওঁ বাংলাদেশৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি কয় যে বহুতো বাধা আছিল কিন্তু দেশৰ লোকসকলে তেওঁলোকৰ ভোটদানৰ অধিকাৰ আৰু নিৰ্বাচনৰ প্ৰয়োজনীয়তাৰ বিষয়ে যথেষ্ট সচেতন হৈছে ।

তেওঁ বাংলাদেশৰ বিৰোধী দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বি এন পি)ৰ বিৰুদ্ধে দেশখনত হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে আৰু কয় যে তেওঁলোক জনসাধাৰণৰ উন্নয়নৰ বিৰোধী । শ্বেখ হাছিয়াই কয় যে ৰে'ল জ্বলোৱা, বাহন জ্বলোৱা, মানুহৰ চলাচল বন্ধ কৰাকে ধৰি বি এন পি আৰু জামাতে কেইবাটাও অগ্নিসংযোগ আৰু হিংসাত্মক কাৰ্যকলাপ কৰিছে । হাছিনাৰ মতে বিৰোধীয়ে গণতন্ত্ৰত বিশ্বাস নকৰে, তেওঁলোক দেশপ্ৰেমী নহয় আৰু তেওঁলোক জনসাধাৰণৰ বিকাশৰ বিৰোধী ।

উল্লেখ্য যে হাছিনাৰ পদত্যাগ দাবী কৰি প্ৰধান বিৰোধী বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ নিৰ্বাচন বৰ্জনৰ মাজতে বাংলাদেশৰ প্ৰায় ১২০ নিযুত লোকে দ্বাদশ সাধাৰণ নিৰ্বাচনৰ সময়ত ২৯৯ গৰাকী সাংসদক নিৰ্বাচিত কৰিবলৈ ভোট দান কৰিবলৈ ওলাই আহিছে ।

দেশৰ নিৰ্বাচন আয়োগে জনোৱা মতে দেওবাৰৰ নিৰ্বাচনৰ বাবে ৪২,০০০ তকৈও অধিক ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । য'ত প্ৰায় ১২০ নিযুত যোগ্য ভোটাৰে ভোটদান কৰিব ।

লগতে পঢ়ক :প্ৰতিবাদ, ধৰ্মঘটৰ মাজত আজি অনুষ্ঠিত হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন

ABOUT THE AUTHOR

...view details