অসম

assam

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে গুলীবিদ্ধ

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে মঞ্চত ভাষণ দিয়াৰ সময়তে বন্দুকৰ গুলীৰ দৰে এটা শব্দ শুনা গৈছিল আৰু ইয়াৰ পাছতেই তেওঁ মঞ্চতে প্ৰচুৰ ৰক্তক্ষৰণ হৈ বাগৰি পৰে ৷ তেওঁক লগে লগে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

By

Published : Jul 8, 2022, 9:10 AM IST

Published : Jul 8, 2022, 9:10 AM IST

Japan EX Prime Minister Shinzo Abe shot in Nara
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে গুলিবিদ্ধ

ইন্টাৰনেচনেল ডেস্ক,8 জুলাই: জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে শুকুৰবাৰে অচিনাক্ত বন্দুকধাৰীৰ গুলিত আহত আহত হয়(Japan EX-Prime Minister Shinzo Abe shot in Nara) ৷ পশ্চিম জাপানৰ নাৰা চহৰত ভাষণ দিয়াৰ সময়ত গুলীবিদ্ধ হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ৷ তেওঁক লগে লগে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

নেতাগৰাকীয়ে মঞ্চত ভাষণ দিয়াৰ সময়তে বন্দুকৰ গুলীৰ দৰে এটা শব্দ শুনা গৈছিল আৰু ইয়াৰ পাছতেই বুকুত গুলী লগাৰ বাবে তেওঁ মঞ্চতে প্ৰচুৰ ৰক্তক্ষৰণ হৈ বাগৰি পৰে ৷ নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এজন সন্দেহজনক ব্যক্তিক আটক কৰিছে ৷

লগতে পঢ়ক :ইন্ধন আমদানিৰ বাবে ঋণ বিচাৰি পুটিনলৈ ফোন শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়াৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details