ইণ্টাৰনেশ্যনেল ডেস্ক, 1 অক্টোবৰ:অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ সময়তে দুয়োখন দেশৰ হেজাৰ হেজাৰ নিৰপৰাধী লোকে অকালতে প্ৰাণ হেৰুৱাব কৰিবলগীয়া হৈছে ৷ এই যুদ্ধৰ ফলত এতিয়ালৈকে প্ৰায় ২,৫০,০০০ ইজৰাইলী স্থানচ্যুত হৈছে ৷ ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে স্থানীয় পৰিষদৰ সৈতে কাম কৰি আঘাতপ্ৰাপ্ত লোকসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইজৰাইলৰ এগৰাকী জ্যেষ্ঠ সামৰিক বিষয়াই জানিবলৈ দিয়া মতে, ২৯ খনকৈ আঞ্চলিক পৰিষদৰ শিশু যুদ্ধৰ ফলত আশ্ৰয়হীন হৈ পৰিছে । মৃতদেহৰ চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ইজৰাইল কৰ্তৃপক্ষই ৷
7 অক্টোবৰত হামাছে আৰম্ভ কৰিছিল এই যুদ্ধৰ ৷ হামাছে চলোৱা আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্তসকলক চিনাক্ত কৰিবলৈ ইজৰাইল কৰ্তৃপক্ষক 2 সপ্তাহতকৈ অধিক সময়ৰ প্ৰয়োজন হৈছিল বুলি জানিব পৰা গৈছে ৷ কিবুটজ কফাৰ আজাত এগৰাকী মহিলাৰ ঘৰত অগ্নিসংযোগ কৰাৰ লগতে মহিলাগৰাকীৰ দেহত জুই জ্বলাই দিয়া হৈছিল আৰু তেওঁৰ স্বামীক হত্যা কৰা হৈছিল বুলি জানিব দিয়ে ইজৰাইলী কৰ্তৃপক্ষই ৷
কৰ্তৃপক্ষই এই সন্দৰ্ভত কয়, "কফাৰ আজা এটা আৱাসিক এলেকা ৷ কোনেও তাত দুৱাৰত তলা লগোৱা নাছিল আৰু চাইকেলবোৰ চৌদিশে আছিল । তিনিদিন আগতে কফাৰ আজাত আমি জুইত ভস্মীভূত হোৱা এটা ঘৰ পৰীক্ষা কৰিছিলো যিটো সম্পূৰ্ণৰূপে জ্বলি গৈছিল । ঘৰটোত কেবাবাৰো নিৰীক্ষণ কৰা হৈছিল যদিও একো পোৱা হোৱা নাছিল ৷ ইয়াৰ পিছত এদল পুৰাতত্ত্ববিদক উক্ত ঘৰটোলৈ অনা হৈছিল ৷ ঘৰটোৰ গৰাকীক মৃত ঘোষণা কৰা হৈছিল আৰু তেওঁৰ পত্নীক নিৰুদ্দেশ ঘোষণা কৰা হৈছে ৷"