অসম

assam

ETV Bharat / international

ৰকেট আক্ৰমণৰ সন্মুখীন ইৰাকস্থিত বায়ুসেনাৰ ঘাটি

দেওবাৰে নিশা ইৰাকৰ অল-বালাড (Al-Balad) বায়ুসেনা ঘাটিত আঠটাকৈ কাট্যুছা (Katyusha) ৰকেটে আঘাত কৰে ৷ আক্ৰমণৰ ফলত ইৰাকী বায়ুসেনাৰ দুগৰাকী বিষয়াসহ দুগৰাকী এয়াৰমেন, সৰ্বমুঠ চাৰিগৰাকী বায়ুসৈনিক আঘাতপ্ৰাপ্ত হয় ৷

By

Published : Jan 13, 2020, 8:44 AM IST

Rockets hit Iraq base hosting US troops
পুনৰ আক্ৰমণৰ সন্মুখীন ইৰাকস্থিত বায়ুসেনাৰ ঘাটি

ইন্টাৰনেশ্বনেল ডেস্ক, 13 জানুৱাৰীঃদেওবাৰে পুনৰ ৰকেট আক্ৰমণৰ সন্মুখীন হয় ইৰাকৰ এক বায়ুসেনাৰ ঘাটি ৷ ইৰাকী নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি, দেওবাৰে দেশখনৰ ছামাৰা চহৰস্থিত এটা ইৰাকী বায়ুসেনাৰ ঘাটিত ৰকেটেৰে আক্ৰমণ সংঘটিত কৰা হয় ৷ ৰাজধানী বাগদাদৰ পৰা কিছু নিলগৰ এই বায়ুসেনা ঘাটিত চলোৱা আক্ৰমণত চাৰিগৰাকীকৈ ইৰাকী সৈনিক আঘাতপ্ৰাপ্ত হয় ৷ ইৰাকী নিৰাপত্তা বাহিনীৰ অনুসৰি, দেওবাৰে নিশা ইৰাকৰ অল-বালাড (Al-Balad) বায়ুসেনা ঘাটিত আঠটাকৈ কাট্যুছা (Katyusha) ৰকেটে আঘাত কৰে ৷ আক্ৰমণৰ ফলত ইৰাকী বায়ুসেনাৰ দুগৰাকী বিষয়াসহ দুগৰাকী এয়াৰমেন, সৰ্বমুঠ চাৰিগৰাকী বায়ুসৈনিক আঘাতপ্ৰাপ্ত হয় ৷

অল-বালাড হৈছে ইৰাকী বায়ুসেনাৰ F-16 যুদ্ধবিমানৰ মুখ্য ঘাটি, যিসমূহ বিমান আমেৰিকাৰ পৰা উন্নীতকৰণ কৰিবলৈ লৈ অনা হৈছিল ৷ ঘাটিটো ইৰাকী বায়ুসেনাৰ উপৰিও আমেৰিকান বায়ুসেনাৰ লগতে কিছু অসামৰিক লোকৰ বাসস্থান হিচাপে জনাজাত ৷ অৱশ্যে আমেৰিকা আৰু ইৰানৰ মাজত বৃদ্ধি পোৱা উত্তেজনামুলক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘাটিটোত থকা আমেৰিকান উপদেষ্টা, চালিপৰ্ট আৰু লকহেড মাৰ্টিনৰ কৰ্মচাৰীসকলক ইতিমধ্যেই টাজি আৰু ইৰাবিলৰ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছিল ৷ ঘাটিটোত আমেৰিকাৰ 15গৰাকী বায়ুসৈনিকৰ লগতে 1খন বিমান থকা বুলি ইৰাকী নিৰাপত্তা বাহিনীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷

ইৰানৰ কুৱাড ফৰ্চৰ প্ৰধান মেজৰ জেনেৰেল কাছেম ছুলেইমানিৰ হত্যাৰ পিচতেই আমেৰিকা আৰু ইৰানৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটে ৷ বিগত সময়ছোৱাত ইৰাকস্থিত আমেৰিকান সেনাৰ ঘাটিক লক্ষ্য কৰি দুবাৰকৈ আক্ৰমণ সংঘটিত হৈছে ৷ ইৰানৰ অতিকে সুৰক্ষিত গ্ৰীণ জ'ন (Green Zone) যিস্থানত আমেৰিকাৰ লগতে অন্যান্য আন্তঃৰাষ্ট্ৰীয় দুতাবাসসমূহৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সৈনিকৰ দল উপস্থিত আছে, সেইস্থানত এতিয়াও আক্ৰমণ সংঘটিত হৈ আছে ৷

ABOUT THE AUTHOR

...view details