অসম

assam

By

Published : Dec 15, 2020, 1:40 PM IST

ETV Bharat / international

আফগান শান্তি চুক্তিক লৈ পাক আৰ্মি চীফৰ সৈতে বাৰ্তালাপত মিলিত খালিজাড

আফগান শান্তি প্ৰক্ৰিয়াৰ বাবে আমেৰিকাৰ বিশেষ প্ৰতিনিধি জালময় খালিজাডৰ নেতৃত্বত এটা দলে পাকিস্তান স্থলসেনা প্ৰধান জেন. কমৰ জাৱেড বাজৱাৰ সৈতে আলোচনাত মিলিত হয় ।

আফগান শান্তি প্ৰক্ৰিয়া
আফগান শান্তি প্ৰক্ৰিয়া

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : আফগান শান্তি প্ৰক্ৰিয়াক লৈ পাকিস্তান ভ্ৰমণ কৰে আমেৰিকাৰ বিশেষ প্ৰতিনিধিবৰ্গই । তালিবানৰ সৈতে সম্পন্ন হোৱা শান্তি চুক্তিৰ পৰৱৰ্তী পৰ্যায়ত চলি থকা শান্তি প্ৰক্ৰিয়াক লৈ আলোচনাৰ বাবেই সোমবাৰে ইছলামাবাদত উপস্থিত হয় আমেৰিকাৰ প্ৰতিনিধি দলটো ।

আফগান শান্তি প্ৰক্ৰিয়াৰ বাবে আমেৰিকাই নিযুক্ত কৰা বিশেষ প্ৰতিনিধি জালময় খালিজাডৰ নেতৃত্বত অহা দলটোৱে পাকিস্তানৰ স্থলসেনা প্ৰধান জেনেৰেল কমৰ জাৱেড বাজৱাৰ সৈতে আলোচনাত মিলিত হয় । আমেৰিকাৰ প্ৰতিনিধি দলটোত আৰএছএমৰ কামাণ্ডাৰ জেনেৰেল আষ্টিন স্কট মিলাৰৰ লগতে আফগানিস্তানৰ বহুটো প্ৰতিনিধি উপস্থিত আছিল ।

তালিবান আৰু আফগান চৰকাৰক শান্তিৰ মাজলৈ ঘুৰাই অনাৰ বাবে খালিজাডে ইতিমধ্যে বহুবাৰ পাকিস্তান ভ্ৰমণ কৰিছে । এই আলোচনাত দুয়োটা প্ৰতিনিধিবৰ্গই অঞ্চলটোৰ আঞ্চলিক সুৰক্ষা আৰু নিৰাপত্তাৰ দিশটোৰ উমৈহতীয়া শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত বাৰ্তালাপ কৰে ।

পাকিস্তানে এইটো অঞ্চলৰ শান্তি আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে সদায় প্ৰস্তুত থকা বুলি জেন. বাজৱাই প্ৰতিনিধি দলটোক অৱগত কৰোৱাৰ লগতে আৰএছএমৰ ভূমিকাক প্ৰশংসা কৰে ।

চলিত বৰ্ষৰ আৰম্ভনিত আমেৰিকা আৰু আফগান তথা তালিবানৰ মাজত হোৱা শান্তি চুক্তিত বিশেষ ভূমিকা পালন কৰা খালিজাড হৈছে ট্ৰাম্পে নিয়োগ কৰা আমেৰিকাৰ বিশেষ প্ৰতিনিধি যিয়ে দশকযোৰা শান্তি প্ৰক্ৰিয়াৰ সফল পৰিসমাপ্তি ঘটাবলৈ সক্ষম হৈছে । আমেৰিকা আৰু তালিবানৰ মাজত আলোচনা অনুষ্ঠিত কৰাত পাকিস্তান চৰকাৰেও বহুখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

ABOUT THE AUTHOR

...view details