ইণ্টাৰনেশ্যনেল, 13 ছেপ্তেম্বৰ : 12 ঘণ্টাৰ ভিতৰত হামাছৰ দ্বিতীয়টো ৰকেট আক্ৰমণক নিস্ক্ৰিয় কৰিবলৈ সক্ষম হ’ল ইজৰাইলৰ মিলিটেৰীয়ে ৷ ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কয়, "আজি নিশা দ্বিতীয়বাৰৰ বাবে গাজাৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ নাগৰিকসকললৈ লক্ষ্য কৰি ৰকেট নিক্ষেপ কৰিছিল ৷ ইজৰাইলৰ আইৰণ ডোম প্ৰতিৰক্ষা ব্যৱস্থাই (Iron Dome Aerial Defense System) ৰকেটসমূহ নিস্ক্ৰিয় কৰি নাগৰিকসকলক পুনৰ সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হ’ল"৷
এই আক্ৰমণৰ কেইটামান মূহুৰ্ত পূৰ্বে দক্ষিণ ইজৰাইলত এয়াৰ ৰেইড চাইৰেণসমূহ বন্ধ হৈ পৰিছিল ৷ দেওবাৰে সন্ধিয়া গাজাৰ পৰা নিক্ষেপ কৰা এটা ৰকেট নিস্ক্ৰিয় কৰে আইৰণ ডোম প্ৰতিৰক্ষা ব্যৱস্থাই ৷ ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে জানিবলৈ দিয়া অনুসৰি দেওবাৰে পুৱা ইজৰাইলী সেনাই গাজা ষ্ট্ৰিপৰ হামাছৰ ঘাটিসমূহৰ লগতে ৰকেট প্ৰস্তুকাৰী ব্যৱস্থাৰ ওপৰত আক্ৰমণ চলায় ৷