নিউজ ডেস্ক, 7 ডিচেম্বৰ :দক্ষিণ কান্দহাৰ প্ৰদেশত আফগান ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীয়ে ১৫ জনকৈ তালিবান সন্ত্ৰাসবাদীক নিহত কৰে ৷ সন্ত্ৰাসবাদীৰ দলটোৱে সুৰক্ষা বাহিনীৰ ওপৰত চলোৱা আক্ৰমণৰ সুৰক্ষা বাহিনীয়ে দিয়া প্ৰত্যুত্তৰত নিহত হয় আটাইকেইজন সন্ত্ৰাসবাদী ৷ দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰে এই তথ্য ৷
আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতি যোগ্ কয় যে, "আফগান বাহিনীয়ে সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াত ১৫ জন তালিবান সন্ত্ৰাসবাদী নিহত হয় আৰু আন ৫ জন সন্ত্ৰাসবাদী আঘাতপ্ৰাপ্ত হয় ৷"