অসম

assam

By

Published : Jul 18, 2020, 3:31 PM IST

ETV Bharat / international

ৰাছিয়াৰ সামৰিক বাহিনীৰ বৃহৎ অনুশীলন

ৰাছিয়াৰ সামৰিক বাহিনীয়ে এক বৃহৎ অনুশীলনত ভাগ লয় ৷ দেশখনৰ বিভিন্ন প্ৰান্তত একেসময়তে এইদৰে স্থলসেনাৰ লগতে বায়ুসেনা আৰু নৌসেনাই এই সামৰিক অনুশীলনত অংশগ্ৰহণ কৰে ৷

ৰাছিয়াৰ সামৰিক বাহিনীৰ বৃহৎ অনুশীলন
ৰাছিয়াৰ সামৰিক বাহিনীৰ বৃহৎ অনুশীলন

নিউজ ডেস্ক, 18 জুলাই : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শুকুৰবাৰে দেশখনৰ সামৰিক বাহিনীক বৃহৎ সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱা পুটিনে দেশখনৰ ভিতৰতে এইদৰে সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিবলৈ সামৰিক বাহিনীক নিৰ্দেশ প্ৰদান কৰে ৷

ৰাছিয়াৰ সামৰিক বাহিনীৰ বৃহৎ অনুশীলন

ৰাষ্ট্ৰপতি তথা সেনাপ্ৰধান পুটিনৰ নিৰ্দেশৰ পিচতেই ৰাছিয়াৰ সামৰিক বাহিনীয়ে শুকুৰবাৰৰ পৰা দেশখনৰ ভিতৰত আয়োজন কৰে বৃহৎ সামৰিক অনুশীলনৰ ৷ এই অনুশীলনত দেশখনৰ তিনিওটা সেনা; স্থলসেনা, বায়ুসেনা আৰু নৌসেনাই অংশগ্ৰহণ কৰে ৷ দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ছাৰ্গেই ছৌগৌই এই সামৰিক অনুশীলনৰ বিষয়ে ঘোষণা কৰে ৷

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি,এই অনুশীলন আগন্তুক মঙলবাৰলৈ চলিব ৷ ৰাছিয়ান সামৰিক বাহিনীৰ এই বৃহৎ অনুশীলনক কোনো নাম দিয়া হোৱা নাই যদিও এয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা হৈছে বুলি প্ৰকাশ কৰে ৷

ৰাছিয়াৰ এই সামৰিক অনুশীলনত দেশখনৰ প্ৰায় 150,000 গৰাকী সৈনিক, 27,000 খন সামৰিক বাহন, 414 খন বিমান আৰু 106 খন জাহাজে অংশগ্ৰহণ কৰে ৷ দেশখনৰ দক্ষিণ-পশ্চিম প্ৰান্তত অনুষ্ঠিত হৈছে এই সামৰিক অনুশীলন ৷ আনহাতে চলিত বৰ্ষৰ শেষৰ ভাগলৈ ৰাছিয়াই "Caucasus-2020" নামে অনুষ্ঠিত কৰিব আন এক বৃহৎ সামৰিক অনুশীলন ৷

লগতে পঢ়কঃভাৰত-ইউৰোপীয়ান ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ নাই সম্ভাৱনাঃ বিশেষজ্ঞ

ABOUT THE AUTHOR

...view details