পেৰিচ,16 এপ্ৰিলঃ ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ ঐতিহাসিক নোট্ৰেডম গীৰ্জাঘৰত সোমবাৰে সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় 850 বছৰীয়া প্ৰধান গীৰ্জাঘৰটোৰ মূধচৰ অংশ ৷ অৱশ্যে এতিয়ালৈকে ক্ষতিগ্ৰস্ত হোৱা সা-সম্পত্তিৰ পৰিমাণৰ বিষয়ে জানিব পৰা হোৱা নাই ৷
নিয়ন্ত্ৰণলৈ আহিল পেৰিচৰ নট্ৰে ড্ৰমৰ বিধ্বংসী জুই
পাঁচশতকৈ অধিক অধিক অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ তৎপৰতাত নিয়ন্ত্ৰণলৈ আহে জুই ৷ অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই
নিয়ন্ত্ৰণলৈ আহিল পেৰিচৰ নট্ৰে ডামৰ বিধ্বংসী জুই
স্থানীয় সময় অনুসৰি সন্ধিয়া 6.30 বজাত সূত্ৰপাত হোৱা অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ লগতে হেলিকপ্টাৰো ব্যৱহাৰ কৰা হয় ৷ 500ৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ 4 ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত নিয়ন্ত্ৰলৈ আহে জুই ৷ অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷
উল্লেখযোগ্য 1160 চনতে নিৰ্মাণ আৰম্ভ হোৱা ঐতিহাসিক স্মাৰক নোটে ড্ৰমত নেপোলিয়ন বোনাপাৰ্টৰ ৰাজ অভিষেক কৰা হৈছিল ৷ প্ৰতিবছৰে এই স্থানলৈ 1.2 কোটি পৰ্যটকৰ আগমণ ঘটে ৷