অসম

assam

ঐতিহ্যস্থলী মামাল্লাপুৰমত চীনৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক

By

Published : Sep 2, 2019, 4:58 PM IST

চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙৰ সৈতে এক ঐতিহাসিক বৈঠকত মিলিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই বৈঠক অনুষ্ঠিত হ'ব চেন্নাইৰ উপকূলীয় চহৰ মামাল্লাপুৰমত ৷  দুয়ো দেশৰ মাজত সদ্ভাৱনা বৃদ্ধিৰ লক্ষ্যৰে অক্টোবৰৰ 11 ৰ পৰা 13 তাৰিখলৈ এই বৈঠকৰ আয়োজন কৰা হ'ব ৷ দুই চুবুৰীয়া দেশৰ মাজত সু-সম্পৰ্ক উন্নত কৰাৰ লক্ষ্যৰে তামিলনাডুৰ ঐতিহাসিক মামাল্লাপুৰম চহৰত দুয়ো দেশৰ শীৰ্ষ নেতৃবৃন্দই মিলিত হ'ব ৷

ঐতিহ্যস্থলী মামাল্লাপুৰমত চীনৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক

ইন্টাৰনেশ্বনেল ডেস্ক, 2 ছেপ্তেম্বৰ : চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙৰ সৈতে এক ঐতিহাসিক বৈঠকত মিলিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই বৈঠক অনুষ্ঠিত হ'ব চেন্নাইৰ উপকূলীয় চহৰ মামাল্লাপুৰমত ৷ দুয়ো দেশৰ মাজত সদ্ভাৱনা বৃদ্ধিৰ লক্ষ্যৰে অক্টোবৰৰ 11 ৰ পৰা 13 তাৰিখলৈ এই বৈঠকৰ আয়োজন কৰা হ'ব ৷ দুই চুবুৰীয়া দেশৰ মাজত সুসম্পৰ্ক উন্নত কৰাৰ লক্ষ্যৰে তামিলনাডুৰ ঐতিহাসিক মামাল্লাপুৰম চহৰত দুয়ো দেশৰ শীৰ্ষ নেতৃবৃন্দই মিলিত হ'ব ৷ ক্ৰমাগতভাৱে দ্বিতীয় বাৰৰ বাবে ভাৰত আৰু চীনৰ মাজত অনুষ্ঠিত হ'ব এই অ-নানুষ্ঠানিক বৈঠক ৷ উল্লেখ্য যে, যোৱা বছৰ প্ৰথমখন বৈঠকৰ আয়োজন কৰা হৈছিল চীনৰ য়ুহানত ৷

আগন্তুক বৈঠকৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ বিশেষ নিৰাপত্তাৰক্ষীয়ে প্ৰতিৰক্ষা ব্যৱস্থা নিৰীক্ষণ কৰি আহিছে ৷ প্ৰথমে এই বৈঠক বাৰাণসীত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও অৱশেষত স্থান সলনি কৰা হয়৷ হাইদৰাবাদত আয়োজন কৰাৰ যো - জা চলিছিল যদিও মোডীৰ ইচ্ছা অনুসৰি এনে এক ঠাইত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যি ঠাইত ভাৰতীয় ইতিহাস বহনকাৰী প্ৰাচীন ঐতিহ্যসমূহ আছে ৷ সেয়েহে তামিলনাডুৰ মামাল্লাপুৰমক বৈঠকৰ বাবে চূড়ান্ত কৰা হয়৷ এই বৈঠকত বিভিন্ন ধৰণৰ ৰাজনৈতিক আলোচনাৰ উপৰি ইউনেস্কোৰ দ্বাৰা ঘোষিত বিশ্ব ঐতিহ্যস্থলী মামাল্লাপুৰমৰ প্ৰাচীন ঠাইসমূহো ভ্ৰমণ কৰিব দুয়ো নেতাই ৷ বিজেপি সদস্য অৰুণ সিং, বিজয় চৌধাৱালেই এই বৈঠক সম্পৰ্কত আলোচনাৰ বাবে চীন ভ্ৰমণ কৰিছে ৷

ABOUT THE AUTHOR

...view details