অসম

assam

ETV Bharat / international

ক’ভিড-১৯ ৰ প্ৰতিষেধকৰ বাবে ভাৰত আৰু চীনৰ কাষ চাপিছে নেপাল

নেপালত প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ হৈছিল ২৭ জানুৱাৰীত ৷ ইয়াৰ ঠিক পাচতেই ভাৰতে আৰম্ভ কৰা ‘ভেকছিন ডিপ্ল’মেছি’ৰ সুবাদতেই অনুদান বা উপহাৰ হিচাপে প্ৰদান কৰা ‘ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া’ই তৈয়াৰ কৰি উলিওৱা ক’ভিশ্বিল্ড’ৰ এক লাখ প্ৰতিষেধক দেশখনে লাভ কৰিছিল ৷

By

Published : Mar 24, 2021, 9:55 AM IST

Nepal looks to China and India  for anti-COVID-19 jabs
ক’ভিড-১৯ ৰ প্ৰতিষেধকৰ বাবে ভাৰত আৰু চীনৰ কাষ চাপিছে নেপাল

কৰ’ণা ভাইৰাছ সংক্ৰমণৰ দ্বিতীয়টো লহৰ অহাৰ আশংকা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ নেপালে দুয়োখন বৃহৎ প্ৰতিৱেশী ৰাষ্ট্ৰ ভাৰত আৰু চীনৰ পৰা ব্যাপক হাৰত ক’ভিড-১৯ ৰ প্ৰতিষেধক সৰবৰাহৰ বাবে কাঠমাণ্ডুত দুয়োখন দেশৰে ৰাষ্ট্ৰদূতৰ সৈতে সঘনাই আলোচনাত মিলিত হৈছে ৷

যদিও দেশখনে চীনৰ পৰা চিন’ফাৰ্মে বিকাশ কৰি উলিওৱা কিছু সংখ্যক প্ৰতিষেধক উপহাৰ হিচাপে লাভ কৰিছে; তথাপি যিহেতু হিমালয় ৰাষ্ট্ৰখনে এবছৰৰ ভিতৰত দেশখনৰ সকলো নাগৰিককে প্ৰতিষেধক প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে গতিকে ভাৰতৰ পৰা মহামাৰীবিধৰ প্ৰতিষেধক পোৱাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

নেপালত প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ হৈছিল ২৭ জানুৱাৰীত ৷ ইয়াৰ ঠিক পাচতেই ভাৰতে আৰম্ভ কৰা ‘ভেকছিন ডিপ্ল’মেছি’ৰ সুবাদতেই অনুদান বা উপহাৰ হিচাপে প্ৰদান কৰা ‘ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া’ই তৈয়াৰ কৰি উলিওৱা ক’ভিশ্বিল্ড’ৰ এক লাখ প্ৰতিষেধক দেশখনে লাভ কৰিছিল ৷

ইয়াৰ পাচতেই নেপালে ছেৰামৰ পৰা আৰু অধিক ক’ভিশ্বিল্‌ড প্ৰতিষেধক ক্ৰয় কৰে ৷ লগতে ইয়াৰ সমান্তৰালকৈ ক’ভেক্সৰ অধীনত আস্ত্ৰাজানিকা প্ৰতিষেধকৰ কেইবাটাও টোপোলা কাঠমাণ্ডু পাইগৈ ৷ উল্লেখ্য যে, ক’ভেক্স হ’ল অনুন্নত দেশ সমূহৰ নাগৰিক সকলক প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰিবৰ বাবে বিশ্ব স্বাস্থ্য সন্থাই নেতৃত্ব বহন কৰা এক উদ্যোগ ৷

এই সমগ্ৰ প্ৰতিষেধক সমূহৰ সহায়ত নেপালত স্বাস্থ্যকৰ্মী সকলকে ধৰি সংক্ৰমণৰ অত্যধিক আশংকা থকা নাগৰিক সকল যেনে সুৰক্ষা কৰ্মী সকল, চৰকাৰি বিষয়বৱীয়া সকল, ৰাজনীতিবিদ সকল, সাংবাদিক আৰু ৬৫ বছৰৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক সকলকে মিলাই মুঠতে ১৭ লাখ নাগৰিকক প্ৰতিষেধক প্ৰদান কৰা হয় ৷

দ্বিতীয়টো পৰ্যায়ত নেপালে কৰোণা ভাইৰাছৰ সংক্ৰমণৰ আশংকা থকা তথা মহামাৰীবিধৰ ফলত জীৱন নাশৰ আশংকাত ভূগি থকা লোক সকলক টিকাকৰণ কৰাৰ পৰিকল্পনা কৰিছে ৷ অতি সোনকালেই দেশখনে ৫৫ বছৰ উৰ্দ্ধৰ লোক সকলক প্ৰতিষেধক প্ৰদান কৰাৰ পৰিকল্পনা কৰি আছে ৷

দেশখনে ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা আৰু অধিক ক’ভিশ্বিল্‌ডৰ যোগান পাবৰ বাবে অপেক্ষা কৰি থকাৰ সমান্তৰালকৈ নেপালে উত্তৰৰ ফালে অৰ্থাৎ বেইজিঙলৈও প্ৰতিষেধক পোৱাৰ আশাৰে দৃষ্টি নিৱদ্ধ কৰিছে ৷

শেহতীয়াকৈ কাঠমাণ্ডুত দিল্লী আৰু চীনৰ সৈতে বৈঠকত ব্যস্ত হৈ থকা নেপালৰ স্বাস্থ্য মন্ত্ৰী হৃদয়েছ ত্ৰিপাঠীয়ে জনাইছে যে চিন’ফাৰ্মৰ দাৰা বিকশিত প্ৰতিষেধকৰ ৮০০,০০০ টা পালি আনিবলৈ এই সপ্তাহতে চৰকাৰে চীনলৈ এখন বিমান পঠিয়াব ৷ তেওঁ কোৱা মতে এই প্ৰতিষেধক সমূহ হিমালয় ৰাষ্ট্ৰখনে উত্তৰৰ প্ৰতিৱেশী ৰাষ্ট্ৰখনৰ পৰা উপহাৰ হিচাপে লাভ কৰিছে ৷

কিন্তু, এই প্ৰতিষেধকখিনিয়েই হয়তো পৰ্যাপ্ত নহ’ব ৷ নেপালে দেশখনৰ ৩ কোটি নাগৰিকৰ ভিতৰত ২ কোটি নাগৰিকক অহা বছৰটোৰ ভিতৰত প্ৰতিষেধক প্ৰদান কৰিবলৈ পৰিকল্পনা কৰিছে ৷ ইয়াৰ অৰ্থ হ’ল ১৮ বছৰ বয়সৰ বা তাৰ তলৰ সকলক বাদ দি দেশৰ বাকী নাগৰিক সকলে অহা জানুৱাৰীৰ ভিতৰত প্ৰতিষেধকৰ পালি পাবই লাগিব ৷

স্বাস্থ্য মন্ত্ৰী হৃদয়েছ ত্ৰিপাঠীয়ে অনুভৱ কৰে যে ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই নেপালৰ ক’ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ এই পৰিকল্পনা সফল কৰি তুলাত সহায় কৰিব পাৰে ৷ তেওঁ ডিজিটেল বাতৰিকাকত ‘চেত’পতি ডট কম’ক কয় যে “ভেকছিনৰ প্ৰসংগত ক’বলৈ হ’লে ছেৰামৰ সৈতে নেপালৰ দীৰ্ঘদিনৰ সম্পৰ্ক আছে ৷ তেওঁলোকে অতীততো আমাক প্ৰতিষেধকৰ যোগান ধৰিছিল আৰু আমি আশা কৰোঁ যে এইবাৰো সন্থাটোৱে আমাক পৰ্যাপ্ত পৰিমাণে ক’ভিশ্বিল্‌ড প্ৰতিষেধক যোগান ধৰিব পাৰিব ৷”

ক’ভিশ্বিল্‌ডৰ প্ৰতিষেধকৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰাৰ বাবে প্ৰতিষেধক বিধৰ যোগানলৈ অপেক্ষা কৰি থকা নেপালৰ স্বাস্থ্য কৰ্তৃপক্ষ কিছুমানে অসন্তুষ্ট হোৱা দেখা গৈছে ৷ বৰ্তমান, নেপালে ক্ৰয় কৰিব বিচৰা ক’ভিশ্বিল্‌ডৰ প্ৰতিপালিৰ মূল্য বৃদ্ধি হৈ ৫ ড’লাৰ পাইছেগৈ ৷

“প্ৰতিষেধক যোগান ধৰা এজেন্টে ১০ শতাংশকৈ কমিশ্বন ছাৰ্জ বিচৰাৰ বাবে ইয়াৰ মূল্য বৃদ্ধি পাইছে ৷” স্বাস্থ্য মন্ত্ৰী ত্ৰিপাঠীয়ে কয় ৷ লগতে তেওঁ উল্লেখ কৰে যে “আমি তেনে ধৰণৰ কমিশ্বন ছাৰ্জ এৰাই চলিবলৈ চেষ্টা কৰি আছোঁ ৷ সেইকাৰণেই প্ৰতিষেধক আহি পোৱাত পলম হৈছে ৷”

১৫ মাৰ্ছ পৰ্যন্ত নেপালত ২২ লাখ পি চি আৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে ৷ ইয়াৰ ভিতৰত ২৭৫,০০০ টা কৰোণা ভাইৰাছ পজিটিভ ফলাফল ওলাইছে ৷ আনহাতে মৃত্যুৰ সংখ্যা হ’ল ৩,০১৪ ৷

সম্প্ৰতি মূখ্যতঃ ভাৰত তথা আন দেশ সমূহৰ পৰা ঘূৰি যোৱা লোক সকলৰ দেহত নতুনকৈ কৰোণা ভাইৰাছৰ লক্ষণবোৰ ধৰা পৰাৰ ঘটনাই কৰোণাৰ দ্বিতীয়টো লহৰ অহাৰ আশংকা বিয়পাইছে ৷

-সুৰেন্দ্ৰ ফুয়াল, কাঠমাণ্ডু

ABOUT THE AUTHOR

...view details