অসম

assam

প্ৰশান্ত মহাসাগৰত উদ্ধাৰ জাপানৰ যুঁজাৰু বিমানৰ ধ্বংসাৱশেষ

প্ৰশান্ত মহাসাগৰত দুৰ্ঘটনাত পতিত হোৱা জাপানৰ বায়ু সেনাৰ যুঁজাৰু বিমান এফ 35ৰ প্ৰশান্ত মহাসাগৰত অৱশিষ্ট উদ্ধাৰ ৷ বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই এফ 35ৰ পাইলটগৰাকী ৷

By

Published : Apr 10, 2019, 5:27 PM IST

Published : Apr 10, 2019, 5:27 PM IST

জাপানৰ যুঁজাৰু বিমানৰ ধ্বংসাৱশেষ

জাপান ,10 এপ্ৰিলঃ জাপানৰ মিচাৱা বায়ুসেনা চাউনীৰ পৰা নিশাৰ প্ৰশিক্ষণৰ বাবে উৰা মৰাৰ আধা ঘণ্টাৰ পাচতে আৱমৰি পশ্চিম উপকূলৰ পৰা সন্ধানহীন হৈছিল যুঁজাৰু বিমান এফ-35 ৷ মঙলবাৰে প্ৰশান্ত মহাসাগৰৰ বুকুত উদ্ধাৰ হয় জাপানৰ বায়ুসেনাৰ যুঁজাৰু বিমানখনৰ ধ্বংসাৱশেষ ৷ জাপানৰ প্ৰতিৰক্ষামন্ত্ৰী টাকেসী ইৱাৰাই মঙলবাৰে বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱাৰ বিষয়ে প্ৰকাশ কৰে ৷ আনহাতে বৰ্তমানলৈকে বিমানখনৰ পাইলটগৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷

প্ৰশান্ত মহাসাগৰত উদ্ধাৰ জাপানৰ যুঁজাৰু বিমানৰ ধ্বংসাৱশেষ

উল্লেখযোগ্য যে, উত্তৰ কোৰিয়া আৰু চীনৰ পৰা বৃদ্ধি পোৱা প্ৰতিৰক্ষা সম্পৰ্কীয় বিপদৰ বিষয়টোলৈ লক্ষ্য ৰাখি জাপানে বিগত বছৰটোৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত এফ-35 যুঁজাৰু বিমান ব্যৱহাৰ আৰম্ভ কৰিছিল ৷

ABOUT THE AUTHOR

...view details