নতুন দিল্লী,10 এপ্ৰিল: বেঞ্জামিন নেতানিহায়ুৰ সম্ভাব্য বিজয়লৈ প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা ৷ আনুষ্ঠানিকভাৱে ঘোষিত হোৱা নাই যদিও ইজৰাইলত 9 এপ্ৰিলত অনুষ্ঠিত নিৰ্বাচনত বেঞ্জামিন নেতানিহায়ুৰ বিজয় নিশ্চিত হৈ পৰিছে ৷
বেঞ্জামিন নেতানিহায়ুলৈ প্ৰধানমন্ত্ৰীৰ মোডীৰ শুভেচ্ছা
আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ ফলাফল ঘোষিত হোৱাৰ লগে লগে বেঞ্জামিন নেতানিহায়ু অভিলেখসংখ্যক পঞ্চমবাৰলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী পদত অধিস্থিত হ'ব ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে ইজৰাইলৰ সম্ভাব্য প্ৰধানমন্ত্ৰী নেতানিহায়ুক শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে ভাৰত আৰু ইজৰাইলৰ দ্বিপাক্ষিক চুক্তি সমূহে এক নতুন শিখৰ স্পৰ্শ কৰিব বুলি আশাবাদী বুলিও প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰযোগে প্ৰকাশ কৰে ৷ 120 খন আসনৰ বাবে অনুষ্ঠিত ইজৰাইলৰ নিৰ্বাচনৰ মূল প্ৰতিদ্বন্দ্বী আছিল নেতানিহায়ুৰ লিকুড পাৰ্টি আৰু বেনী গানটজৰ "ব্লু এণ্ড হোৱাইট পাৰ্টি" ৷
উল্লেখযোগ্য যে , আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ ফলাফল ঘোষিত হোৱাৰ লগে লগে বেঞ্জামিন নেতানিহায়ু অভিলেখসংখ্যক পঞ্চমবাৰলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী পদত অধিস্থিত হ'ব ৷