নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ :প্ৰগ্ৰেমাৰ দিৱস হ’ল এটি আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী দিৱস, যি বছৰৰ 256 নং দিনটোত উদযাপন কৰা হয় ৷ বিশ্বৰ প্ৰগ্ৰেমাৰসকলক সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে 2007 চনত ৰাছিয়াত এই দিৱসৰ শুভাৰম্ভ কৰা হৈছিল ৷ সাধাৰণ বৰ্ষত এই দিৱসটি 13 ছেপ্তেম্বৰত উদযাপন কৰা হয় যদিও লিপইয়েৰত 12 ছেপ্তেম্বৰত উদযাপন কৰা হয় প্ৰগ্ৰেমাৰ দিৱস ৷
2009 চনৰ 24 জুলাইত ৰাছিয়াৰ Ministry Of Communication And Mass Media ই ‘আন্তৰ্জাতিক প্ৰগ্ৰেমাৰ দিৱস’ উদযাপনৰ বাবে এখন প্ৰতিলিপি প্ৰস্তুত কৰে ৷ ইয়াৰ পিছতেই 2009 চনৰ 11 ছেপ্তেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি দিমিত্ৰি মেদভেদেভে এক ডিক্ৰী স্বাক্ষৰ কৰে আৰু বছৰৰ 256 নম্বৰ দিনটো ‘আন্তৰ্জাতিক প্ৰগ্ৰেমাৰ দিৱস’ হিচাপে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷