অসম

assam

By

Published : Jun 23, 2020, 2:14 PM IST

ETV Bharat / international

চীনৰ সৈতে সংঘৰ্ষৰ মাজতে নেপালৰ সৈতেও বিঘ্নিত হৈছে ভাৰতৰ সম্পৰ্ক

নেপাল চৰকাৰে এখন নতুন ৰাজনৈতিক মেপৰ অনুমোদন জনাই আৰু কালাপানী, লিপু-লেখ আৰু লিম্পিয়াধোৰাক মেপৰ অন্তৰ্ভূক্ত কৰে ৷ ইয়াৰ ফলত দুয়ো দেশৰ মাজত উদ্বিগ্নতা পূৰ্বতকৈও অধিক বৃদ্ধি পাই ৷

ভাৰত-নেপাল দ্বিপাক্ষিক সম্পৰ্ক
চীনৰ সৈতে সংঘৰ্ষৰ মাজতে নেপালৰ সৈতেও বিঘ্নিত হৈছে ভাৰতৰ সম্পৰ্ক

ভাৰত-চীন সীমান্ত বিবাদে উদ্বিগ্নতা বৃদ্ধি কৰাৰ সময়তে নেপালৰ সৈতেও ভাৰতৰ সম্পৰ্ক দিনক-দিনে বিঘ্নিত হ'ব ধৰিছে ৷ বিহাৰৰ পূব চম্পৰন জিলাৰ এখন নদীত বান নিয়ন্ত্ৰণৰ কাম বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেপালে ৷

এই মাহতে দুই দেশৰ মাজৰ সমস্যাসমূহ তীব্ৰতৰ হোৱা দেখা গৈছে ৷ 12 জুনত বিহাৰৰ সীতামাৰি জিলাত নেপালৰ আৰক্ষীয়ে গুলিবৰ্ষণ কৰাৰ ফলত এজন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে দুজন আঘাতপ্ৰাপ্ত হৈছে ৷ এই ঘটনাক ভাৰতীয় প্ৰশাসনে 'স্থানীয় আৰু নিৰ্দেশাত্মক বিষয়'বুলি বৰ্ণনা কৰে ৷ কিন্তু, 21 জুনত (দেওবাৰ) এই দ্বিপাক্ষিক সম্পৰ্ক আৰু বিঘ্নিত হোৱা পৰিলক্ষিত হয় ৷

নেপাল চৰকাৰে এখন নতুন ৰাজনৈতিক মেপৰ অনুমোদন জনাই আৰু কালাপানী,লিপু-লেখ আৰু লিম্পিয়াধোৰাক মেপৰ অন্তৰ্ভুক্ত কৰে ৷ ইয়াৰ ফলত দুয়ো দেশৰ মাজত উদ্বিগ্নতা পূৰ্বতকৈও অধিক বৃদ্ধি পাই ৷

ভাৰত-নেপালৰ বিশেষজ্ঞসকলে ইয়াৰ বাবে 2015 চনত নেপালক ভাৰতে অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰা বিষয়টো উল্লেখ কৰিছে ৷ ইয়াৰোপৰি, ভাৰত-নেপালৰ সম্পৰ্ক বিঘ্নিত কৰিবলৈ চীনে নেপালক প্ৰৰোচিত কৰা বুলিও অভিযোগ উত্থাপন হৈছে ৷

প্ৰাক্তন কূটনীতিবিদ আৰু ভাৰত-নেপাল সম্পৰ্কীয় বিষয়ৰ বিশেষজ্ঞ এছ.ডি.মুনিয়ে কয়,"তৃতীয় পক্ষৰ প্ৰভাৱ সদায়ে থাকে আৰু শেহতীয়াকৈ চীনৰ সৈতে নেপালৰ সম্পৰ্ক উন্নত হোৱা বাবে নেপালৰ নেতৃবিন্দই ভাৰতৰ বিৰুদ্ধে থিয় হ'বলৈ সাহস কৰিছে ৷"

দিল্লীৰObserver Research Foundationৰ জ্যেষ্ঠ বিষয়া কে.হোমেই কয় যে,ভাৰত-নেপালৰ মাজত কালাপানী সংঘৰ্ষ অতি পুৰণি বিষয় আৰু আলোচনাৰ জৰিয়তে এই সংঘৰ্ষৰ সমাধান কৰিব পৰা গ'লহেঁতেন ৷

তেওঁ কয়, "সীমান্ত সংঘৰ্ষ অতিকৈ আৱেগিক সেয়েহে দুয়ো পক্ষই এতিয়ালৈকে ইয়াৰ সমাধান কৰিবলৈ সক্ষম হোৱা নাই ৷"এই সমস্যা সম্পৰ্কত পূৰ্বেও নেপালে অভিযোগ কৰিছিল ৷ 2015 চনত ভাৰত আৰু চীনে যুটীয়াভাৱে প্ৰকাশ কৰা এক বিবৃতিত লিপু-লেখ পাছৰ অন্তৰ্ভূক্তিত বিৰোধিতা কৰিছিল নেপালে ৷

মুনিয়ে কয়, "কেৱল 2015 চনতে নহয় 1954 চনতো চীনে লিপু-লেখক ভাৰতৰ অংশ হিচাপে মানি লৈছিল আৰু 8-9 টা পথেৰে ভাৰত আৰু চীনে ব্যৱসায় আৰু সাংস্কৃতিক সম্পৰ্ক বৰ্তাই ৰাখিব বুলি উল্লেখ কৰা হৈছিল ৷"

"2015 চনত চীনা সকলে কি কৰিছিল, তেওঁলোকে কেৱল নিজৰ স্থিতি সম্পৰ্কত অৱগত কৰিছে ৷ নেপালৰ স্থিতিত বৰ্তমান পৰিৱৰ্তন হৈছে, ভাৰতৰ নহয় ৷"

কিন্তু, বিশেষজ্ঞসকল চিন্তিত হৈ পৰিছে যিহেতু লাডাখত ভাৰত-চীনা সৈন্য মোতায়েন কৰি ৰখাৰ সময়তে কালাপানী, লিপু-লেখ আৰু লিম্পিয়াধোৰাক নেপালৰ মেপৰ অন্তৰ্ভুক্ত কৰিছে ৷

নেপালে নতুন মেপৰ অনুমোদন কৰাৰ আঁৰত চীন আছে নেকি ?

8 মে'ত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত, চীন আৰু নেপালৰ সীমান্তৰ উত্তৰাখণ্ডৰ নিয়ন্ত্ৰণ ৰেখাত নতুন 80 কিল'মিটাৰ দৈৰ্ঘৰ এক নতুন পথ উদ্বোধন কৰিছিল ৷ ইয়াৰ জৰিয়তে কৈলাশ মান সৰোবৰলৈ ভক্তসকলৰ চলাচল সুচল হৈ পৰিব বুলি আশা কৰা হৈছে ৷

এই পথৰ ফলত ভাৰতৰ যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগতে চীনৰ বিৰুদ্ধে যুদ্ধ-বিগ্ৰহ হ'লে ভাৰতৰ সুবিধা হ'ব বুলি চিন্তা-চৰ্চা কৰা হৈছে ৷ 5 মে'ত লাডাখত ভাৰত-চীনৰ মাজত প্ৰথমটো বিবাদ আৰম্ভ হোৱাৰ তিনিদিন পাচতে এই পথ উদ্বোধন কৰা হৈছিল ৷ ইয়াৰ পাচতে 8 মে'ৰ দিনা নেপালে ভাৰতলৈ এখন প্ৰতিবাদী পত্ৰ প্ৰেৰণ কৰি কয় যে, পথটোৰ ফলত দুই দেশৰ মাজৰ বুজাবুজি ব্যাহত হ'ব ৷

উল্লেখ্য যে, 2005 চনতে 81 কোটি টকা মূল্যত এই পথ নিৰ্মাণৰ বাবে অনুমোদন দিছিল আৰু 2018 চনত 439 কোটি টকা পৰ্যন্ত ইয়াৰ খৰছ বৃদ্ধি পাইছিল ৷ এই বছৰৰ 17 এপ্ৰিলত পথটোৰ কাম সমাপ্ত হোৱাৰ পাচতে মে'ত ইয়াৰ উদ্বোধন কৰা হৈছিল ৷

কালাপানী, লিপু-লেখ আৰু লিম্পিয়াধোৰাক নেপালৰ মেপৰ অন্তৰ্ভুক্ত কৰা বিষয়টোক ভাৰতে বিৰোধিতা কৰি 'ভৌগোলিক ক্ষেত্ৰ বৃদ্ধিৰ কৃত্ৰিম দাবী' বুলি মন্তব্য কৰিছিল ৷ ইয়াৰোপৰি,নেপালৰ পৰা উৎপত্তি হোৱা লালবাকেয়া নৈ সীমান্তৰে আহি বিহাৰৰ সীতামাৰি জিলাৰ বাগমতি নৈত পৰিছে ৷ নেপালৰ পৰা বৈ অহা এই নৈৰ ফলত বিহাৰত বহু ক্ষয়-ক্ষতি হয় ৷

এই নৈত ভাৰতে বহুকেইটা নদীবান্ধ নিৰ্মাণ কৰিছে যদিও মৌচুমী অহাৰ পূৰ্বেই খহনীয়াত উটি যায় ৷ কিন্তু,এই বছৰ নেপাল চৰকাৰে এই বান নিয়ন্ত্ৰণৰ কাম স্থগিত কৰি দিছে ৷

লেখক-কৃষ্ণানন্দ ত্ৰিপাঠী

লগতে পঢ়ক : পুৰীত আৰম্ভ হ'ল জগন্নাথ ৰথযাত্ৰা

ABOUT THE AUTHOR

...view details