অসম

assam

ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

বিশ্বত 3,24,08,504 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৷ এই মহামাৰীৰ সংক্ৰমণে ত্ৰাসৰ সৃষ্টি কৰিছে বিশ্বৰ অধিকাংশ দেশতে ৷

কৰ'ণা মহামাৰীৰ সংক্ৰমণ
কৰ'ণা মহামাৰীৰ সংক্ৰমণ

By

Published : Sep 25, 2020, 3:59 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 25 ছেপ্তেম্বৰ: বিশ্বজুৰি 3,24,08,504 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ ইয়াৰ বিপৰীতে মৃতকৰ সংখ্যা বৃদ্ধি পালে 9,87,724 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ অৱশ্যে বৰ্তমানলৈ 2,39,24,977 গৰাকী লোকে আৰোগ্য লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

বিশ্বৰ ভিতৰতে কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ সংখ্যা আটাইতকৈ অধিক পোৱা গৈছে আমেৰিকাত ৷ আমেৰিকাত বৰ্তমানলৈ 71,85,471 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ আনহাতে 2,07,538 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷

এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে ভাৰত ৷ ভাৰতত কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 58,16,103 গৰাকী লোকলৈ ৷ আনহাতে মৃতকৰ সংখ্যা বৃদ্ধি পায় 92,317 গৰাকীলৈ ৷

লগতে পঢ়ক:চীনৰ উত্থানে চিন্তাত পেলাইছে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰক !

ABOUT THE AUTHOR

...view details