অসম

assam

By

Published : Aug 3, 2020, 1:51 PM IST

ETV Bharat / international

Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

কৰ’ণা ভাইৰাছৰ বাবে পুনৰাই লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰোড্ৰিগ’ দুৰ্তেতেই ৷ ৰাষ্ট্ৰপতিগৰাকীৰ মুখপাত্ৰ হেৰী ৰোকেয়ে সোমবাৰে 12 মিলিয়নৰো অধিক ব্যক্তিৰ বসতিস্থল মেনিলাত পাঁচজনতকৈ অধিক ব্যক্তি জুম বান্ধি থকাৰ ক্ষেত্ৰত জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা ৷ মঙলবাৰৰ পৰা প্ৰযোজ্য হ’বলগীয়া এই নিয়ম পৰৱৰ্তী দুসপ্তাহলৈকে বাহাল থাকিব ৷ তদুপৰি ৰাজহুৱা স্থানত জুম বন্ধাৰ ক্ষেত্ৰতো বাহাল থাকিব এই নিৰ্দেশনা ৷

Global COVID 19 tracker etv bharat news
Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

নিউজ ডেস্ক,3 আগষ্ট: কৰ’ণা ভাইৰাছত বিশ্বৰ প্ৰায় 1,82,37,573 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰাণ হেৰুৱাইছে 6,92,851 গৰাকী লোকে ৷ ইফালে আক্ৰান্ত ব্যক্তিসকলৰ মাজৰ পৰা 1,14,47,153 গৰাকী ব্যক্তিয়ে চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ ঘৰলৈ উভটিছে ৷

Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

ইফালে,কৰ’ণা ভাইৰাছৰ বাবে পুনৰাই লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰোড্ৰিগ’ দুৰ্তেতেই ৷ ৰাষ্ট্ৰপতিগৰাকীৰ মুখপাত্ৰ হেৰী ৰোকেয়ে সোমবাৰে 12 মিলিয়নৰো অধিক ব্যক্তিৰ বসতিস্থল মেনিলাত পাঁচজনতকৈ অধিক ব্যক্তি জুম বান্ধি থকাৰ ক্ষেত্ৰত জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা ৷ মঙলবাৰৰ পৰা প্ৰযোজ্য হ’বলগীয়া এই নিয়ম পৰৱৰ্তী দুসপ্তাহলৈকে বাহাল থাকিব ৷ তদুপৰি ৰাজহুৱা স্থানত জুম বন্ধাৰ ক্ষেত্ৰতো বাহাল থাকিব এই নিৰ্দেশনা ৷ বিনা কাৰণত কোন ব্যক্তিকে ঘৰৰ পৰা বাহিৰলৈ নাহিবলৈ অনুৰোধ জনাইছে ৰাষ্ট্ৰপতিৰ মুখপাত্ৰগৰাকীয়ে ৷

ফিলিপাইনছত পুনৰ লক ডাউন

প্ৰায় শতাধিক চিকিৎসা সেৱা সংগঠনে শনিবাৰে কৰ’ণা ভাইৰাছৰ প্ৰসংগত অনলাইন বৈঠক অনুষ্ঠিত কৰে ৷ এই বৈঠকৰ জৰিয়তে চিকিৎসা কৰ্মীসকলে কেনেদৰে ভাইৰাছবিধে সংক্ৰমণ কৰিব পাৰে সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ লগতে সকলোকে সতৰ্ক থাকিবলৈ আহ্বান জনায় ৷ ৰাষ্ট্ৰখনৰ একাংশ চিকিৎসা কৰ্মীয়ে সংক্ৰমণৰ আশংকাত চাকৰিৰ পৰা পদত্যাগ কৰিছে ৷ ইতিমধ্যে দক্ষিণ-পূৱ এছিয়াৰ কৰ’ণা সংক্ৰমণৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থকা ফিলিপাইনছত ৰবিবাৰৰ দিনটোলৈকে Covid-19 ত আক্ৰান্তৰ সংখ্যাই চুইছেগৈ 1,03,000 ৰ সংখ্যা ৷

লগতে চাওকঃCOVID-19ৰ ভেকচিনৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্তৰৰ মানৱ ক্লিনিকেল পৰীক্ষাৰ অনুমতি DCGIৰ

ABOUT THE AUTHOR

...view details