নিউজ ডেস্ক, 21 আগষ্ট : জম্মু-কাশ্মীৰ সন্দৰ্ভত ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনাত মিলিত হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ ভাৰত-পাকিস্তান দুয়োখনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ পাচতেই মধ্যস্থতাৰ মাজেৰে কিদৰে বিষয়টো সমাধান কৰিব পাৰি এই সন্দৰ্ভত বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে৷ হোৱাইট হাউচত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷
সংবাদমেলযোগে ট্ৰাম্পে মন্তব্য কৰে, " সম্প্ৰতি কাশ্মীৰ এক জটিল ভূ-খণ্ড ৷ অঞ্চলটোত হিন্দু আৰু মুছলমান দুয়ো সম্প্ৰদায়ৰ লোক বাস কৰি আহিছে যদিও তেওঁলোকৰ মাজত কোনোধৰণৰ মিলাপ্ৰীতি পৰিলক্ষিত হোৱা নাই ৷ দুয়োখন দেশৰ মাজত বিগত বহু বছৰৰ পৰাই বিৰাজ কৰিছে এক উত্তেজনাময় পৰিস্থিতি "৷ লগতে তেখেতে কয় যে, দুয়োখন দেশৰে প্ৰধানমন্ত্ৰী মোৰ ভাল বন্ধু আৰু ইমাৰাণ খানৰ আমেৰিকা ভ্ৰমণৰ সময়তো এই সন্দৰ্ভত গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছে ৷