অসম

assam

By

Published : Jun 13, 2020, 6:19 PM IST

ETV Bharat / international

পাক সেনাৰ মুখ্য কাৰ্যালয়ৰ সমীপত বিস্ফোৰণ, নিহত 1, আহত 12

2-3 কেজি ওজনৰ বিষ্ফোৰক দ্বাৰা সংঘটিত কৰা হৈছিল বিস্ফোৰণ। শুকুৰবাৰে নিশা কাবাৰি বজাৰৰ কোলা কেদ্ৰত সংঘটিত হয় এই বিস্ফোৰণ। এই স্থান পাক সেনাৰ মুখ্য় কাৰ্যালয়ৰ পৰা মাত্ৰ কিছু নিলগত অৱস্থিত ।

পাক সেনাৰ মুখ্য কাৰ্যালয়ৰ সমীপত বিষ্ফোৰণ
পাক সেনাৰ মুখ্য কাৰ্যালয়ৰ সমীপত বিষ্ফোৰণ

নিউজ ডেস্ক, 13 জুনঃ পাকিস্তানৰ ৰাৱলপিণ্ডিত ভিৰ যুক্ত এখন বজাৰত সংঘটিত হয় এক শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনা । এই ঘটনাত নিহত হয় 1 জন লোক আৰু আহত হয় এজন শিশুকে ধৰি মুঠ 12 জন লোক । আহতসকলক ততাতৈয়াকৈ লৈ যোৱা হয় কাষৰ চিকিৎসালয়লৈ । আহত সকলৰ মাজত এজৰ দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

বিস্ফোৰণটোত 2-3 কেজিৰ বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল,যাৰ ফলত বিষ্ফোৰিত অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । শুকুৰবাৰে শেষ নিশা কাবাৰি বজাৰৰ কোলা কেদ্ৰত সংঘটিত হয় এই বিস্ফোৰণ ।

বিস্ফোৰণ স্থলীত দেশখনৰ সন্ত্ৰাসবাদ বিৰুধী গোটৰ সেনা উপস্থিত হৈ ঠাইডোখৰ পৰ্যবেক্ষণ কৰাৰ লগতে অনুসন্ধান অব্যাহত ৰাখিছে । আৰক্ষীৰ মুখপাত্ৰ চাজিদুল হাচানে জনোৱা অনুসৰি উক্ত স্থানৰ পৰা ফৰেনচিক বিশেষজ্ঞই নমুনা সংগ্ৰহ কৰিছে । আনহাতে এতিয়ালৈ কোনো সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই ।

উল্লেখ কৰিব লগীয়া যে,বিস্ফোৰণ হোৱা এলেকাৰ পৰা পাক সেনাৰ মুখ্য় কাৰ্যালয়ৰ পৰা মাত্ৰ কিছু নিলগতেই অৱস্থিত ।

লগতে চাওকঃ বহিঃৰাজ্যৰ পৰা অহা যুৱকক লৈ পথাৰ আৰু বজাৰ দখলৰ প্ৰচেষ্টা

ABOUT THE AUTHOR

...view details